Begin typing your search above and press return to search.

ৰক্তদান-জীৱন দান গান্ধী জয়ন্তী উপলক্ষে ৰক্তদান শিবিৰ নাহৰকটীয়াত

ৰক্তদান-জীৱন দান গান্ধী জয়ন্তী উপলক্ষে ৰক্তদান শিবিৰ নাহৰকটীয়াত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 1:03 PM GMT

ৰক্তদান- জীৱন দান গান্ধী জয়ন্তী উপলক্ষে ৰক্তদান শিবিৰ নাহৰকটীয়াত ।আজি ২ অক্টোবৰ। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম তিথি । ২ অক্টোবৰৰ লগত সংগতি ৰাখিয়েই সমগ্ৰ দেশতে আজি পালন কৰা হয় গান্ধী জয়ন্তী । আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম বাৰ্ষিকী ।

সমগ্ৰ দেশৰ লগতে অসম ৰাজ্যতো উদযাপন কৰা হয় গান্ধী জয়ন্তী ।

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ ওপৰত সংগতি ৰাখিয়েই ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় গান্ধী জয়ন্তী । গান্ধী জয়ন্তীৰ বাবে বিভিন্ন প্ৰান্তত পালন কৰা হয় বিভিন্ন অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নাহৰকটীয়াটো পালন কৰা হয় গান্ধী জয়ন্তী ।

১৫০ তম গান্ধী জয়ন্তী উপলক্ষে নাহৰকটীয়া চাহ বাগিচাৰ চিকিৎসালয়ত আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ।

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে নাহৰকটীয়া চাহ বাগিচাৰ চিকিৎসালয়ত নাহৰকটীয়া চাহ বাগিচাৰ উদ্যোগত আৰু অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ সহযোগত আজি ১৫০ তম জন্ম দিৱস উপলক্ষে আয়োজন কৰে এক ৰক্তদান শিবিৰৰ।

"ৰক্তদান-জীৱন দান" এই মহান উদ্দেশ্য আগত লৈ এই শিবিৰত আজি প্ৰায় অৰ্ধশতাধিক লোকে ৰক্তদান কৰে। লগতে নাহৰকটীয়া আৰক্ষী থানাৰ লোকসকলেও এই শিবিৰত ৰক্তদান কৰে। ৰক্তদান শিবিৰৰ কৰ্মকৰ্তা সকলে জনায় যে মূল দুটা উদ্দেশ্য আগত ৰাখি এই ৰক্তদান কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰথমতে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম বাৰ্ষিকী তথা গান্ধী জয়ন্তীৰ লগতে টাটা ভলেন্টেয়াৰী উইকৰ লগত সংগতি ৰাখিয়েই নাহৰকটীয়াত এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।

তাৰোপৰি এই ৰক্তদান শিবিৰত কৰা ৰাইজৰ সহায় সহযোগিতাৰ বাবে সুখীও তথা কৃতজ্ঞ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা কৰ্মী সকল । লগতে ভৱিষ্যতে ও এনেকুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে কৰ্মকৰ্তা সকলে ।

অধিক খবৰৰ বাবে পঢ়ক: জাতিৰ পিতাৰ স্বচ্ছ আৰু সেউজ দেশ গঢ়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Next Story
চাকৰি