Begin typing your search above and press return to search.

নাথ যোগী সকল অন্যতম শক্তিশালী সম্প্ৰদায়‌: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নাথ যোগী সকল অন্যতম শক্তিশালী সম্প্ৰদায়‌: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2020 7:18 AM GMT

নাথ যোগী সকল অন্যতম শক্তিশালী সম্প্ৰদায়‌: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।‌শনিবাৰে নগাঁওৰ নেহৰুৱালীত অনুষ্ঠিত হোৱা অসম প্ৰাদেশিক নাথ যোগী সন্মিলনৰ শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাথ যোগী সকল অসমৰ এক শক্তিশালী সম্প্ৰদায়ৰ ভিতৰত অন্যতম আৰু তেওঁলোকে ৰাজ্যৰ সামাজিক আৰু আৰ্থিক বিকাশত যথেষ্ট যোগদান আগবঢ়াইছে । নাথ যোগীৰ‌ যুৱ প্ৰজন্মই নিজৰ জীৱনত সফলতা প্ৰাপ্ত কৰা আৰু সমাজৰ বিকাশৰ বাবে যোগদান দিয়াৰ ক্ষেত্ৰত জ্ঞান আৰু কৌশলৰ লগতে নিজকে শক্তিশালী কৰি তুলিব লাগে ।

তেওঁ কয় যে অসম আন্দোলনত শ্বহীদ হোৱা ৮৪৪ শ্বহীদৰ ভিতৰত ১৪০ জন নাথ যোগী সম্প্ৰদায়ৰ পৰা আছিল । এই কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সাহসী সম্প্ৰদায়ৰ যুৱ প্ৰজন্মই তেওঁলোকৰ গৌৰৱময় ইতিহাসৰ দ্বাৰা অনুপ্ৰাণিত হ'ব লাগে ।

নাথ যোগী সকলে অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সততা , ক্ষমতা আৰু নিষ্ঠাৰে দ্বাৰা অৰ্থাৎ যুৱ প্ৰজন্মক শ্ৰেষ্ঠতা অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ'সবকা সাথ সবকা বিকাশ' আদৰ্শক উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ কৃষক , যুৱ, মহিলা, দিব্যাংগ আদি লোকৰ বাবে আঁচনি আৰম্ভ কৰিছে আৰু তেওঁ আহ্বান কৰে যে এই আচঁনি‌ সমূহৰ লাভ উঠাবলৈ আহ্বান কৰে ।‌ তেওঁ কয় যে ৰাজ্য চৰকাৰে ১ লাখ ভূমিহীন খিলঞ্জীয়াক ভূমি পাট্টা প্ৰদান কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহন কৰিছে আৰু ইয়াৰে ৫০০০০ লোকক ইতিমধ্যে ভূমি পট্টা প্ৰদান কৰা হৈছে । তেওঁ কয় যে অসমৰ সংস্কৃতি,ভাষা, ৰাজনীতি, আৰু অৰ্থব্যৱস্থাত খিলঞ্জীয়া লোকৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিবৰ বাবে ভূমি অধিকাৰ অতি গুৰুত্বপূৰ্ণ।

তেওঁ কয় যে ৰাজ্যৰ ১ লাখ কৃষকক মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৫ হাজাৰকৈ এককালীন সাহাৰ্য আগবঢ়োৱা হ'ব।

এই সন্মিলনতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষনা কৰে যে গুৱাহাটীত নাথ যোগী সম্প্ৰদায়ৰ বাবে গেষ্ট হাউছ স্থাপিত কৰাৰ বাবে ভূমি আৰু বিত্তীয় সহায় প্ৰদান কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ একতা আৰু সম্প্ৰতি বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

তেওঁ কয় যে কেৱল সমন্বয়হে ৰাজ্যক প্ৰগতি আৰু সমৃদ্ধিৰ ফালে লৈ যাব পাৰে ।‌

এই সন্মিলনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে , অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা বিভিন্ন পদক্ষেপৰ উল্লেখ কৰে লগতে বৈশ্বিক স্তৰত সফলতা প্ৰাপ্ত কৰিবৰ বাবে যুৱ সমাজক কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান জনায়।‌

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক : Watch | Ex- SAMPRITI-IX , Indo- Bangladesh Joint Military exercise

Next Story
চাকৰি