ক্ৰমাৎ মৃত্যু দূতলৈ পৰিণত হৈছে নেকি ৰাষ্ট্ৰীয় ঘাইপথ?

ক্ৰমাৎ মৃত্যু দূতলৈ পৰিণত হৈছে নেকি ৰাষ্ট্ৰীয় ঘাইপথ?

ৰাষ্ট্ৰীয় ঘাই পথত হোৱা দূৰ্ঘটনালৈ চাই মনত প্ৰশ্ন হয় যে ক্ৰমাৎ মৃত্যু দূতলৈ পৰিণত হৈছে নেকি ৰাষ্ট্ৰীয় ঘাইপথ? কাৰণ ২০১৮ বৰ্ষত অসমত হোৱা দূৰ্ঘটনাৰ ৪৮ শতাংশ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ৷গতিকে এইয়া নিশ্চয় এক ভয়ংকৰ তথ্য। ৰাজ্যৰ আৰক্ষী বিভাগৰ এক তথ্যই সকলো লোককে সচকিত কৰি তুলিছে।

তথ্য অনুসৰি ২০১৮ চনত প্ৰতিদিনে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হয় আঠজন ৷আৰু আহত হয় ২০ জন । ২০১৮ চনৰ পৰা বিগত পাঁচ বছৰত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে । এক সমীক্ষা অনুসৰি ২০১৪ চনত ৭.১৪৪ টা দুৰ্ঘটনা হয়, য’ত মৃত্যু হয় ২৫২২ লোকৰ মৃত্যু হয় ৷২০১৫ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৩৯৭ জন ৷

২০১৬ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ২৫৭২ জন ৷২০১৭ চনত ২,৭৮৩ জন আৰু ২০১৮ চনত হয় ২,৯৬৬ জন ।২০১৮ চনত কামৰূপ মেট্ট’,কামৰূপ, নগাঁও আৰু কাছাৰ আৰু বৰপেটাত পথ দুৰ্ঘটনা বৃদ্ধি পায়। এই বৰ্ষতে মাজুলী,ডীমা হাচাও দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায় । ইফালে ২০১৭ চনত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায়। ২০১৬ চনত ৰাষ্ট্ৰীয় ঘাইপথত ১৪২৭ টা পথ দুৰ্ঘটনা হয়।

ৰাজ্যৰ ঘাইপথত ৫৬৭ টা পথ দুৰ্ঘটনা আৰু ৰাজ্যৰ অন্যান্য পথত ৫৭৮ টা দুৰ্ঘটনা হয় ৷২০১৬ চনত ৰাজ্যৰ পথসমূহত ৫৮২ টা পথ দুৰ্ঘটনা আৰু ৰাষ্ট্ৰীয় ঘাইপথত ১৪৬৪ টা দুৰ্ঘটনা সংঘটিত হয় ।গতিকে এনে ধৰণৰ তথ্যই সম্প্ৰতি সকলোকে চিন্তিত কৰি তুলিছে ৷ আৰু প্ৰশ্ন হয় যে জনসাধাৰণৰ জীৱনলৈ গভীৰ প্ৰত্যাহ্বান কঢ়িয়াই অনা এই পথসমূহ কেতিয়া উপযুক্ত হৈ উঠিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP to begin 'Seva Saptah' from September 14 | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com