ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন উপ-পথ সমূহৰ দুৰৱস্থা: জৰুৰী মেৰামতিৰ প্ৰয়োজন

ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন উপ-পথ সমূহৰ দুৰৱস্থা: জৰুৰী মেৰামতিৰ প্ৰয়োজন

জালুকবাৰীৰ পৰা খানাপাৰা লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন উপ-পথ সমূহৰ দুৰৱস্থায়ে জনসাধাৰণক জলা কলা খোৱাইছে। বিশেষকৈ বেহৰবাৰী অঞ্চলৰ উপ পথৰ অৱস্থা অতি শোচনীয় । ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ উপ-পথ সমূহ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধিনত মেৰামতি কৰিব লাগে । পথৰ এনে দুৰৱস্থায়ে ভাৰত চৰকাৰৰ স্বায়ত্ত শাসিত সংস্থাৰ দ্বায়িত্বহীনৰ কথা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ উপ-পথৰ এনে দুৰৱস্থাৰ কথা উল্লেখ কৰি কয় যে, বাৰিষাৰ সময় ছোৱাত এই পথছোৱা পুখুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়|গ্ৰীষ্মৰ সময়ত আৰু বতাহৰ দিনবোৰত মানুহ বাবে যাত্ৰা কৰা বা বাহত চলাবলৈ অধিক অসুবিধাৰ সন্মুখীন হয় । যেতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু যোগাযোগ ব্যৱস্থা কৰাৰ লগতে উপ পথ সমূহো মেৰামতি কৰাত গুৰুত্ব দিয়াৰ প্ৰয়োজন ।

পথত বিভিন্ন গাঁতৰ সৃষ্টি হোৱাৰ লগতে বাৰিষা অহাৰ লগে লগে পথসমূহৰ দুৰৱস্থা আৰু অধিক শোচনীয় হৈ পৰে ৷ ৰাষ্ট্ৰীয় ঘাই পথক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি এই পথসমূহৰ কাম অনতি পলমে আৰম্ভ কৰিবলৈ আহ্বান কৰছিল।

এনএইচআইডিচিএলৰ বিষয়া অজয় আলুৱালিয়াই কয় যে অসমৰ ৰাষ্ট্ৰীয় পথসমূহৰ নিৰ্মাণ কাৰ্য কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে । তাৰ ভিতৰত কিছুমান কামৰ গতি অত্যন্ত সীমিত ৷ গতিকে এই সকলোবোৰ তদন্ত কৰা হ’ব বুলি কয় বিষয়াজনে ৷ নগাঁৱৰ বাইপাছৰ পৰা ডিব্ৰুগড় বাইপাছলৈকে এই পথটোৰ অৱস্থা অত্যন্ত শোচনীয় ।টি কে ইঞ্জিনিয়াৰিঙ কন্সোটিয়াম কম্পনীয়ে নগাঁও বাইপাছৰ পৰা ৰঙাগৰালৈকে ১৮.৪ কিলোমিটাৰৰ ফ’ৰ লেন পথৰ কাম কৰিছিল ৷

এই পথৰ মেৰামতিৰ কাৰণে বাজেট আছিল প্ৰায় ১৫৯.২০ কোটি টকা ৷ ইফালে চিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাক্সাৰ লিমিটেডে ৰঙাগৰাৰ পৰা কলিয়াবৰ তিনি আলিৰ পৰা ১৮.৩১৫ কিলোমিটাৰলৈকে এই পথচোৱাৰ কাৰণে আৱন্টিত কৰা হৈছিল প্ৰায় ১৯৬.৪২ কোটি টকা ।কিন্তু এই পথছোৱাৰ কামৰ অগ্ৰগতি অত্যন্ত সীমিত হৈয়ে ৰ’ল ৷

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটীৰ পৰা আৰম্ভ হৈ তিনিচুকীয়ালৈকে গৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ৯ খন জিলাৰ ৪০০ কিলোমিটাৰ অতিৰিক্ত কৰিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দক্ষিণলৈ যোৱা এক মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ । ” ২০১৪ চনৰ পৰা পথছোৱাৰ উপযুক্ত মেৰামতিৰ অভাৱত দিনক দিনে শোচনীয় হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com