Begin typing your search above and press return to search.

ৰাজ্যৰ পাঁচখন জিলাত প্ৰাকৃতিক গেছৰ যোগান ধৰা হ’বঃ উদ্যোগ বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

ৰাজ্যৰ পাঁচখন জিলাত প্ৰাকৃতিক গেছৰ যোগান ধৰা হ’বঃ উদ্যোগ বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2019 6:48 AM GMT

উদ্যোগ বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যৰ পাঁচখন জিলাত প্ৰথম পৰ্যায়ত পাইপ গেছ যোগান ধৰাৰ বাবে বৃহস্পতিবাৰে অসম গেছ কোম্পানী লিমিটেড,অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ মাজত দিছপুৰত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত কৰে ৷ দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই বুজাবুুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বৰ্তমানৰ অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

অসম চৰকাৰে অবিৰতভাৱে নেশ্বনেল গেছ গ্ৰীড পাইপ লাইন অসমলৈকে বিস্তৃত কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷অসম চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰত চৰকাৰে বিহাৰৰ পৰা বাৰাউনিৰ পৰা স্পাৰলাইনৰ জৰিয়তে গুৱাহাটীলৈকে এই প্ৰকল্প সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত কৰে ৷ লগতে বাৰাউনিৰ পৰা গুৱাহাটীলৈকে নেশ্বনেল গেছ গ্ৰীডৰ পাইপ লাইন বহুৱাৰ কাম ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে।

অসমৰ সৈতে নেশ্ব্যনেল গেছ গ্ৰীডৰ এনে পোনপটীয়া সংযোগ আৰু গেছৰ অবিৰত যোগানে উদ্যোগ খণ্ড,শক্তি উৎপাদন খণ্ড,অট’মটিভ চি এনজি খণ্ড,ঘৰুৱা ব্যৱহাৰ বাবে পাইপেৰে গেছ যোগান আদিয়ে এই খণ্ডসমূহত ব্যাপক পৰিৱৰ্তন আনাব আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰিব ৷ ইফালে কামৰূপ,কামৰূপ মহানগৰ,কাছাৰ,হাইলাকান্দি আৰু কৰীমগঞ্জ জিলাত বাণিজ্যিক আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে সদ্যহতে প্ৰথম পৰ্যায়ত প্ৰাকৃতিক গেছৰ যোগান ধৰা হ’ব ৷

দ্বিতীয়তে এজিচিএলৰ নিৰ্দেশক আদিত্য কুমাৰ শৰ্মা,কাৰ্যকৰী নিৰ্দেশক,এচ কে সিং আদিয়ে বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচখন জিলাত গেছৰ পাইপ লাইন প্ৰদান কৰাৰ কাৰণে এখন বুজা বুজি চুক্তিত স্বাক্ষৰিত কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰী পাটোৱাৰীৰ উপৰিও হৃষিকেশ গোস্বামী,বলিন চেতিয়াৰ লগতে ৰাজ্য চৰকাৰৰ অন্যান্য জেষ্ঠ্য লোকসকল উপস্থিত আছিল ।

অধিক খবৰৰ বাবে পঢ়ক: অসমক পাঁচখন ধনী ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী সোনোৱালৰঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

Next Story
চাকৰি