Begin typing your search above and press return to search.

অসমক পাঁচখন ধনী ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী সোনোৱালৰঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

অসমক পাঁচখন ধনী ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী সোনোৱালৰঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 7:55 AM GMT

অসমক দেশৰ পাঁচখন ধনী ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সোনোৱালে এক্ট ইষ্ট নীতিৰ অংশ হিছাপে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ৷প্ৰধানমন্ত্ৰী মোডীৰো এক্ট ইষ্ট নীতিৰ আধাৰত ইতিমধ্যে বহুকেইখন আঁচনি লোৱা হৈছে ৷ এই মন্তব্য উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ৷ সোমবাৰে দিছপুৰ জনতা ভৱনত আয়োজন কৰা এখন সংবাদ মেলত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ৰাজ্যখনত উন্নয়নৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত পাঁচটা দিশত কাম কৰা হৈছে।

চিটাগঞ্জ বন্দৰলৈ জাহাজ চলাচলৰ বাবে ৰাজ্য চৰকাৰৰ অনুৰোধত কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ চৰকাৰক আহ্বান জনোৱাৰ পাছত জলপথ ব্যৱহাৰৰ অনুমতি দিবলৈ বাংলাদেশ চৰকাৰে কেবিনেটত অনুমোদন জনাইছে। লগতে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ১৯৫৭ চনত বিভিন্ন ৰাজনৈতিক কাৰণত এই বন্দৰত উপস্থিত হ’ব পৰা নাছিল ৷কিন্তু সম্প্ৰতি ভাৰত আৰু বাংলাদেশে অনতি পলমে এক প্ৰ’ট’কলত স্বাক্ষৰ কৰিব ৷ এই মন্তব্য মন্ত্ৰী পাটোৱাৰীৰ ৷নৰেন্দ্ৰ মোডী চৰকাৰে ঢাকাৰ লগত সৌহাৰ্দ্য পূৰ্ণ সম্পৰ্কৰ দ্বাৰা সকলো বিষয় উত্থাপন কৰিছে । আৰু আমি সম্প্ৰতি বাংলাদেশৰ লগত ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিব পাৰিম ।

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ মাধ্যমেৰে আমি বাংলাদেশৰ লগতে অন্যান্য দেশৰ লগত ব্যৱসায় বানিজ্য কৰিলে অসমৰ সৰ্বতো প্ৰকাৰৰ বিকাশত সুবিধা হ’ব ৷ ইফালে পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় মন্ত্ৰ্যালয়ে ব্ৰহ্মপুত্ৰ নদীৰ খনন কাৰণে ২৫০ কোটি টকা মঞ্জুৰ কৰিছে ৷ অন্যহাতে বিগত বৰ্ষত অনুষ্ঠিত হোৱা এডভান্টেজ আসামৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উদ্যোগত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ উড়ান আঁচনিৰ অধীনত এক বিশেষ আঁচনি গ্ৰহণ কৰি গুৱাহাটীৰ সৈতে আছিয়ান আৰু বি বি এন দেশ সমূহৰ ৰাজধানী চহৰৰ লগত সংযোগ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় ।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় উড়ান নামে বিশেষ আঁচনিখন প্ৰস্তত কৰা হৈছে। ইয়াৰ কাৰণে আগন্তুক তিনি বছৰৰ বাবে ১০০ কোটি টকাৰ Viability Gap Funding ঘোষণা কৰে ৷ এই বিশেষ আঁচনিৰ অধীনত বিমান পৰিবহন মন্ত্ৰ্যালয় আৰু অসম চৰকাৰে ইতিমধ্যে গুৱাহাটী ঢাকা,গুৱাহাটী বেংকক,গুৱাহাটী-কুৱালালামপুৰ,গুৱাহাটী-কাঠমাণ্ডু,গুৱাহাটী-য়াংগন আৰু গুৱাহাটী হানয় সংযোগী বিমান পৰিবহনৰ আঁচনি গ্ৰহণ কৰিছে ৷

গুৱাহাটীৰ পৰা ঢাকালৈ বিমান পৰিবহন ইতিমধ্যে আৰম্ভ হৈছে আৰু চলিত বিত্তীয় বৰ্ষত ভিতৰত বাকী চহৰ কেইখনলৈও বিমান সেৱা আৰম্ভ হ’ব বুলি আশা কৰা হৈছে ৷ মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ধুবুৰী জিলাৰ ঐতিহাসিক ৰূপছী বিমান বন্দৰটো এক দীঘলীয়া সময়ৰ কাৰণে বন্ধ হৈ আছে যদিও চলিত বৰ্ষৰ শেষৰ ফালে এই বিমান বন্দৰটো পুনৰ মুকলি কৰা হ’ব ৷

লগতে চৰকাৰে লক্ষীমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা গুৱাহাটীৰ মাধ্যমেৰে দিল্লী আৰু লক্ষীমপুৰলৈ যাত্ৰা কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গুৱাহাটী,যোৰহাট আৰু ডিব্ৰুগড় বিমান বন্দৰৰ আধুনিকীকৰণ কৰিবৰ কৰা হৈছে ৷ উল্লেখ্য যে চুবুৰীয়া দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বানিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ সহযোগত ১৯ আৰু ২০ জুলাইত গুৱাহাটীত দুদিনীয়াকৈ ভাৰত বাংলাদেশ অংশীদাৰিত্ব সন্মিলন আয়োজন কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ জল পৰিবহন সন্দৰ্ভত প্ৰতিক্ৰিয়া

Next Story
চাকৰি