Begin typing your search above and press return to search.

একত্ৰিত হৈ বিকাশ অনাৰ পদক্ষেপ নেডাৰ সদস্যসকলৰ

একত্ৰিত হৈ বিকাশ অনাৰ পদক্ষেপ নেডাৰ সদস্যসকলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2019 4:28 AM GMT

নেডাৰ সদস্যসকলে বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হ’বলৈ সকলো সদস্যই একত্ৰিত হ’বলৈ ইচ্ছা ব্যক্ত ৷সোমবাৰে নেডাৰ চতুৰ্থ সন্মিলনৰ বিষয়ে ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এইয়া এক ঐতিহাসিক মুহুৰ্ত্ত ৷মোৰ এতিয়াও মনত আছে যেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে উত্তৰ পূবক কংগ্ৰেজ মুক্ত কৰাৰ কথা ব্যক্ত কৰিছিল। তেওঁৰ আশই নেডাক জন্ম দিয়ে।

অমিত শ্বাহৰ সেই সপোন আজি বাস্তৱত ৰূপায়িত হ’ল আৰু উত্তৰ পূবৰ আঠখন ৰাজ্যই কংগ্ৰেজ মুক্ত হয়। নেডাৰ সদস্যসকলে আঠখন ৰাজ্যত শাসন কৰি আছে ৷উত্তৰ পূবৰ ৰাজ্যসমূহে একত্ৰিত হৈ সাধাৰণ জনগণৰ কাৰণে কিবা এটা কৰিব লাগে। বিজেপিয়ে উত্তৰ পূবক বিকাশৰ নতুন ইঞ্জিন বুলি মানি লোৱা হয় ।উত্তৰ পূব আমাৰ কাৰণে বিকাশৰ স্থান ৷এই মন্তব্য অমিত শ্বাহৰ ৷

উল্লেখ্য যে কেন্দ্ৰই উত্তৰ পূবক বিশেষত্ব প্ৰদান কৰা ৩৭১ অনুচ্ছেদক বাস্তৱায়িত নকৰে। দেওবাৰে দুপৰীয়া অসম প্ৰসাসনিক মহাবিদ্যালয়ত উত্তৰ পূব পৰিষদৰ ৬৮ সংখ্যক অনুষ্ঠানতক অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অনুচ্ছেদ ৩৭০ স্পষ্ট ৰূপত অস্থায়ী আছিল ৷

কিন্তু ৩৭০ অনুচ্ছেদৰ পৰা ৩৭১ সম্পূৰ্ণ পৃথক ৷জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদক প্ৰত্যাহাৰ কৰাৰ পিছত উত্তৰ পূবৰ লোকসকলৰ মাজত বিয়পি পৰিছিল যে অনুচ্ছেদ ৩৭১ৰ কেন্দ্ৰৰ পৰা বাতিল কৰা হ’ব। মই সংসদত ইয়াৰ বিষয়ে স্পষ্ট ৰূপত প্ৰকাশ কৰিছিলো যে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয়। মই আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত পুনৰ কৈছো যে প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰে অনুচ্ছেদ ৩৭১ ক সন্মান কৰে । আৰু অনুচ্ছেদক কোনো কাৰণতে পৰিৱৰ্তন নকৰে। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

লগতে কিছুমান লোকে উত্তৰ পূবত শান্তি বিৰাজ কৰাটো নিবিচাৰে বুলিও কয় অমিত শ্বাহে আৰু সেয়েহে সম্প্ৰতি এনে ধৰণৰ খবৰ বিয়পাইছে বুলি মন্তব্য কৰে দেশৰ গৃহ মন্ত্ৰী গৰাকীয়ে ৷ দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ উত্তৰ পূবলৈ অহা অমিত শ্বাহে অনুষ্ঠানটোত স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে অনুচ্ছেদ ৩৭১ ৰ ক্ষেত্ৰত পদক্ষেপ লোৱা নহয়।

ইফালে দেওবাৰে প্ৰশাসনিক সেৱা মহাবিদ্যালয়ত হোৱা বৈঠকত ভাগ ল’বলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এনআৰচি সন্দৰ্ভীয় এখন স্মাৰক পত্ৰ জ্ঞাপন কৰে বিজেপিৰ উচ্চ স্তৰীয়া কমিটীখনে ৷কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত উল্লেখ যোগ্য ভূমিকা ল’ব বুলি আশ্বাস প্ৰদান কৰে ।আৰু সকলো বিদেশীৰ নাম এনআৰচিৰ পৰা বহিস্কৃত কৰা হ’ব বুলি উল্লেখ কৰে।

অন্য খবৰৰ বাবে পঢ়ক:নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Chandrayaan 2 Mission : Meet Nidhi Sharma (Scientist at ISRO) from Tinsukia

Next Story
চাকৰি