বিয়া পাতিবলৈ সাহসৰ প্ৰয়োজন: দৰাক দিয়া হব সোনৰ গাড়ী, ১০০০ কোটি, কিন্তু কিয়?

বিয়া পাতিবলৈ সাহসৰ প্ৰয়োজন:  দৰাক দিয়া হব সোনৰ গাড়ী, ১০০০ কোটি, কিন্তু কিয়?
Published on

মানসিকতা অনুসৰি যুৱতী এগৰাকী বিয়া দিবলৈ পৰিয়ালৰ লোকে দৰা জনৰ উপাৰ্জনৰ পৰা আৰম্ভ কৰি স্বভাৱ-চৰিত্ৰ সকলো চাই । যুৱতী গৰাকীক সুখৰে ৰাখিব নে, এনে ধৰণৰ বহুতো প্ৰশ্ন উত্থাপন হয় বিয়াৰ পূৰ্বে । প্ৰত্যেক যুৱতীৰ সপোন এজন পাৰফেক্ট জীৱন লগৰী পোৱাটো । কিন্তু বাস্তৱত সকলোৱে সপোন পূৰণ হোৱা পৰিলক্ষিত নহয় । কিন্তু এগৰাকী যুৱতীৰ বৃহৎ আয়োজন । বিয়াত দৰাক দিয়া হ'ব এখন সোনৰ গাড়ী আৰু ১০০০ কোটি টকা । কিন্তু এই কথা প্ৰকাশ কৰাৰ পিছতো কোনো যুৱকে যুৱতী গৰাকীক বিয়া পাতিবলৈ সাহস কৰা নাই। যুৱতী গৰাকীয়ে লগতে প্ৰকাশ কৰিছে যে, তেওঁ যিজনৰ লগত বিয়া হব তেওঁ যথেষ্ট সাহসী হব লাগিব ।

হয়, নিশ্চিত ভাৱে সোনৰ গাড়ী, ১০০০ কোটি টকা যৌতুক হিচাপে দিয়া যুৱতী গৰাকীক বিয়া পাতিবলৈ সাহসৰ প্ৰয়োজন হয়। কাৰণ এই যুৱতী গৰাকীয়ে কোনো এলা-পেচা যুৱতী নহয় । যুৱতী গৰাকী হল কিম-য়-জন । উত্তৰ কোৰিয়া নেতা কিম-জন-উনৰ ভগ্নী । যাৰ নাম শুনিলেই সাহসৰ কথা সন্মুখলৈ আহে । নিজৰ ভগ্নী কিম-য়-জনৰ বাবে যোগ্য দৰাৰ বাবে ককায়েকে এই যৌতুকৰ কথা আগতীয়াকৈ প্ৰকাশ কৰিছে । প্ৰকাশ কৰা মতে, যুৱক জন ৫ ৰ পৰা ১০ ফুট ওখ হব লাগিব । লগতে যুৱক জনৰ পূৰ্বতে কোনো যুৱতীৰ লগত সম্বন্ধ থাকিব নালাগিব। কেৱল ইমানেই নহয় যুৱক জনৰ ওজন ৭৫ কেজি হব লাগিব , লগতে চিক্স পেক হব লাগিব ।

সেয়েহে ইমান সম্পত্তি লাভ কৰাৰ পাছতো কোনে কিম-জন-উনৰ ভনীয়েকক বিয়া পাতিবলৈ সাহস কৰিব?

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com