Begin typing your search above and press return to search.

 ক’ৰ’না আতংক: কোৱাৰেন্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব নেহৰু ষ্টেডিয়াম-সৰুসজাই ষ্টেডিয়াম

 ক’ৰ’না আতংক: কোৱাৰেন্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত হব নেহৰু ষ্টেডিয়াম-সৰুসজাই ষ্টেডিয়াম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2020 8:15 AM GMT

ক’ৰ’না আতংক: কোৱাৰেন্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব নেহৰু ষ্টেডিয়াম-সৰুসজাই ষ্টেডিয়াম ।মহামাৰী সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে সমগ্ৰ বিশ্ব । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰেও ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাইৰাছ ৰোধৰ বিৰুদ্ধে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কোৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি অনুসৰি অসম চৰকাৰে নগৰ-চহৰসমূহত ১০০০ খন বিচনাযুক্ত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ এটা কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হ'ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰু আনটো নেহৰু ষ্টেডিয়ামত। বুধবাৰে মহানগৰীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা প্ৰস্তুতিৰ চোৱা-চিতা কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰে।

লগতে তেওঁ কয় "আমি সম্প্ৰতি দুটা পৰ্যায়ত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম কৰি আছো। প্ৰথমটো হ'ল সামাজিক দূৰত্ব বজাই ৰখা । এই ভাইৰাছৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে"।

দ্বিতীয়টো পৰ্যায়ত চিকিৎসা ব্যৱস্থাৰ বুনিয়াদী বিকাশত গুৰুত্ব আৰোপ কৰা হৈছে। এই উদ্দেশ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে অতিৰিক্ত ৩০ টা জৰুৰীকালীন কক্ষ (আই চি ইউ)ৰ ব্যৱস্থা কৰা হৈছে। আনহাতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে ১৫০ বিছনাৰ ব্যৱস্থা কৰা হৈছে। ১০খন আই চি ইউ বিছনা সাজু কৰা হৈছে। হাস্পতালখনত প্ৰসূতি আৰু সংলগ্ন বিভাগৰ বাহিৰে আন সকলো বিভাগ বন্ধ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে সোণাপুৰত থকা জিলা চিকিৎসালয় কোৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰা হৈছে। গুৱাহাটীৰ কালাপাহাৰত থকা সংক্ৰামক ৰোগ হাস্পতালত হাস্পতালত ক’ৰ’না ৰোগীৰ চিকিৎসা কৰা হ’ব। তদুপৰি কামৰূপৰ শিঙিমাৰী আদৰ্শ হাস্পতাল, জালুকবাৰীৰ আয়ুৰ্বেদিক হাস্পতাল কেৱল ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰা হৈছে। একেদৰে চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতাল কেৱল ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰা হৈছে। তেওঁ লগতে কয় যে ক’ৰ’না ৰোগীৰ বাবে ৰাজ্যত আৰু দুহেজাৰখন বিচনাৰ ব্যৱস্থা কৰা হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক: লক ডাউন উলংঘন কৰা লোকক ১ বছৰৰ বাবে জামিনবিহীন কাৰাদণ্ডঃ ডি জি পিৰ সকীয়নী

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story