Begin typing your search above and press return to search.

লক ডাউন উলংঘন কৰা লোকক ১ বছৰৰ বাবে জামিনবিহীন কাৰাদণ্ডঃ ডি জি পিৰ সকীয়নী

লক ডাউন উলংঘন কৰা লোকক ১ বছৰৰ বাবে জামিনবিহীন কাৰাদণ্ডঃ ডি জি পিৰ সকীয়নী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2020 7:55 AM GMT

লক ডাউন উলংঘন কৰা লোকক ১ বছৰৰ বাবে জামিনবিহীন কাৰাদণ্ডঃ ডি জি পি । ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান(ডি জি পি) ভাস্কৰজ্যোতি মহন্তই ২১-দিনীয়া তলাবন্ধৰ নীতি—নিয়ম উলংঘা কৰা লোকলৈ কঠোৰ সকীয়নী জাৰি কৰিছে। ৰাজ্যৰ মুখ্য সচিবৰ সৈতে বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ডি জি পি মহন্তই কয় যে আৰক্ষীয়ে এই তলাবন্ধ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।২১ দিনৰ বাবে লক ডাউন ঘোষণা হোৱাৰ পিছতেই আৰক্ষীবাহিনীয়ে অনিচ্ছা সত্বেও কঠোৰ পৰিশ্ৰম কৰি আছে। দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত তলা বন্ধ কৰা হৈছে। তেওঁ লগতে কয় যে এই আইনৰ অধীনত এবছৰৰ জামিনবিহীন কাৰাদণ্ডৰ ব্যৱস্থা আছে। তদুপৰি ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও এই আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে ।

ডি জি পি মহন্তই পুনৰ কয়, " আমি সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছো। জৰুৰীকালীন সেৱাৰ লোক সকলৰ বাবে তেওঁলোকৰ লগত পৰিচয় পত্ৰ থাকিব লাগিব । আমি সকলো নিয়ন্ত্ৰণ কৰ্তৃপক্ষক কৰ্মচাৰীক পৰিচয়পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালো ।

যান-বাহনত ঘূৰা-পকা কৰা লোকসকল সম্পৰ্কে ডি জি পিয়ে কয় যে কোনো লোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গাড়ী লৈ যাব নোৱাৰিব । তেওঁলোকে কেৱল স্থানীয় দোকানসমূহৰ পৰা বয়-বস্তু ক্ৰয় কৰিব পাৰিব। সাম্প্ৰতিক সময় অত্যন্ত জটিল হোৱাৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ডি জি পি মহন্তই মন্তব্য কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ‌ উদ্দেশ্য বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি বহু নীতি-নিৰ্দেশনাও জাৰি কৰিছে। ভয়ংকৰ ৰূপ ধাৰণ কৰা এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনতাক সকাহ দিবলৈ চৰকাৰে লৈছে আন এক সিদ্ধান্ত।‌ এই সিদ্ধান্ত অনুসৰি আগন্তুক তিনি মাহলৈ যি কোনো এ টি এমৰ পৰা টকা উলিয়ালে বৰ্তমানৰ লেখীয়াকৈ কোনো মাচুল আদায় দিব নালাগে।‌ তদুপৰি অহা ৩০ জুনলৈ গ্ৰাহকৰ একাউণ্টত কোনো সৰ্বনিম্ন ধন জমা নাথাকিলেও বেংকে কোনো মাচুল কৰ্তন নকৰে। এই ৰেহাইৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: আশাৰ বতৰা ! ভাৰতত সুস্থ হ’ল ক’ৰ’না মহামাৰীত আক্ৰান্ত ৪২জন লোক

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি