বাৰিষাৰ সময়ত নাযাব বৰগছলৈ: সন্মুখীন হ’ব পাৰে বিপদৰ

বাৰিষাৰ সময়ত নাযাব বৰগছলৈ: সন্মুখীন হ’ব পাৰে বিপদৰ

কাজিৰঙাৰ সমীপত থকা এখন ৰিজ’ৰ্ট হৈছে বৰগছ৷ হয়তো বৰগছলৈ আপুনিও কেতিয়াবা গৈছে ৷শান্তিৰে এসাঁজৰ সোৱাদ ল’বলৈ ৷ লগতে শান্তিৰে জিৰণি ল’বলৈ । কিন্তু ৰ’ব। যদি আপুনি বৰগছ ৰিজ’ৰ্ট যাম বুলি ভাবিছে তেন্তে নাযাব ৷ কাৰণ বৰগছ এতিয়া সাগৰ সদৃশ ৷ ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত হোৱা বৰগছ সম্প্ৰতি জলমগ্ন ৷

কিন্তু মন কৰিব লগীয়া যে প্ৰত্যেকবাৰেই ৰিজ’ৰ্টখন জলমগ্ন হয় বুলি জানিও বৰগছৰ কৰ্তৃপক্ষই সকলোৰে বুকিঙ স্বীকাৰ কৰে ৷ আৰু অকৎস্মাতে বৰগছত জিৰণি ল’বলৈ অহা লোকসকলক নিশা অৱগত কৰাই যে তেওঁলোকে যিকোনো সময়তে ৰিজ’ৰ্টখনৰ পৰা ওলাব লাগিব ৷ কাৰণ যিকোনো সময়তে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰিজ’ৰ্টখন জলমগ্ন কৰিব পাৰে ৷

ইফালে কাজিৰঙা ভ্ৰমণ কৰিবলৈ অহা একাংশ পৰ্যটক বা স্থানীয় লোকসকলৰ কাৰণে সম্প্ৰতি এক অভাৱনীয় পৰিস্থিতৰ সৃষ্টি হৈছে ৷কাৰণ বিগত দিনকেইটাত ধাৰাষাৰ বৰষূণ হোৱাৰ কাৰণে সমগ্ৰ অসমত বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ ব্যতিক্ৰম নহয় কাজিৰঙাও ৷

গতিকে বৰগছত বুকিং কৰা লোকসকলৰ ক্ষোভ যে যদি প্ৰত্যেক বছৰে বানপানীয়ে ৰিজ’ৰ্টখনত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আৰু সেই বিষয়ে বৰগছ কৰ্তৃপক্ষৰ জ্ঞাত ৷ তেন্তে বাৰিষাৰ সময়ত কৰ্তৃপক্ষই ৰেষ্টোৰাখন কিয় বন্ধ কৰি নিদিয়ে ? বৰগছৰ সন্দৰ্ভত পৰ্যটক অথবা স্থানীয় লোকসকলৰ এই প্ৰতিক্ৰিয়াত ৰেষ্টোৰাখনৰ কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যনীয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com