Begin typing your search above and press return to search.

সচিবালয় আৰু জনতাভৱনত অতিৰিক্ত ৩৫০ টা চি চি টিভি স্থাপনৰ প্ৰস্তাৱ

সচিবালয় আৰু জনতাভৱনত অতিৰিক্ত ৩৫০ টা চি চি টিভি স্থাপনৰ প্ৰস্তাৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Oct 2019 12:20 PM GMT

সচিবালয় আৰু জনতাভৱনত অতিৰিক্ত ৩৫০ টা চি চি টিভি স্থাপনৰ প্ৰস্তাৱ । জনতা ভৱন আৰু সচিবালয়কে ধৰি দিছপুৰ গুৰুত্বপূৰ্ণ অঞ্চলত অতিৰিক্ত ৩৫০ টা নতুন চি চি টিভি সংযোজন কৰা হ'ব । মহানগৰীৰ গুৰুত্ব পূৰ্ণ এলেকাসমূহৰ সুৰক্ষা প্ৰতি দৃষ্টি ৰাখি তাৎকালেই এই কেমেৰা সমূহ বিভিন্ন স্থানত স্থাপন কৰা হব। কিছু দিনৰ পৰা অপৰাধ জানি ঘটনা বৃদ্ধি হোৱাৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যৰ গৃহ আৰু ৰজনীতি বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

২০০৭ চনৰ পৰা ৰাজ্য সচিবালয়ত সংযোজন কৰি ৰখা প্ৰায় আধাৰো বেছি সংখ্যক চি চি টিভিয়ে বৰ্তমান বিকল হৈ পৰিছে । সুৰক্ষা জানিত এক সমীক্ষাত বিষটো আলোচনা কৰি বিকল হৈ পৰা কেমেৰা সলনি কৰা আৰু নতুনকৈ প্ৰয়োজন হোৱা স্থানত এই ৩৫০ টা চি চি টিভি সংযোজনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ গৃহ আৰু ৰজনীতি বিভাগ আৰু সাধাৰণ প্ৰশাসনীয় বিভাগে।

বিকল হৈ থকা চি চি কেমেৰা সমূহ‌ ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় খেলৰ সময়ত সংযোজন কৰা হৈছিল ।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগে এক সমীক্ষা কৰে আৰু জনতা ভৱনত থকা চি চি টিভি কেমেৰাৰ মূল্যায়ন কৰে ।

এই প্ৰকল্পটো কাৰ্য ৰূপায়ন কৰিব "এমত্ৰন" নামৰ সংস্থাটোয়ে । ইয়াৰ নিয়ন্ত্ৰনৰ বাবে এটা হাইটেক মনিটৰিং কক্ষৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ ফলত কমেও ২.৫‌ কোটি টকা ব্যয় হব ।

পি ডব্লিউ ডি বিভাগৰ বৈদ্যুতিক শাখাই প্ৰকল্পটোৰ ওপৰত এটা দিটেইল প্ৰজেক্ট ৰিপোৰ্ট প্ৰস্তুতি কৰিছে ।

সাধৰন প্ৰশাসনীয় বিভাগৰ আয়ুক্ত তথা সম্পাদক ড° এম অংগামঠুই দ্যা চেন্টিনেলক কয় যে , জনতা ভৱন আৰু অসম বিধানসভাৰ সচিবালয়ত চি চি টিভি সংযোজন তেওঁৰলোকৰ বিভাগৰ এক মহাত্বপূৰ্ন ক্ষেত্ৰ । লগতে সাধৰন প্ৰশাসনীয় বিভাগৰ আয়ুক্ত তথা সম্পাদক ড° এম অংগামঠুই কয় যে অহা নৱেম্বৰ মাহৰ পৰা চি চি টিভি সংযোজনৰ কাম আৰম্ভ কৰা হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক: এন আৰ এল কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰিলে অসম বিধানসভাৰ অধ্যক্ষক

ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP protest over Citizenship Amendment Bill in Nagaon

Next Story
চাকৰি