ৰাজ্যত নতুন যান বাহন আইনৰ প্ৰভাৱ

ৰাজ্যত নতুন যান বাহন আইনৰ প্ৰভাৱ

যান বাহনৰ নতুন আইন ২০১৯ ক চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা বহু ৰাজ্যত বাস্তৱায়িত কৰা হৈছে ৷ কিন্তু অসমত সাম্প্ৰতিক সময়লৈকে ৰাজ্য চৰকাৰে এই আইনখনৰ বিষয়ে কোনো অধিসূচনা জাৰি কৰা নাই ৷ কেন্দ্ৰীয় অধিনিয়মৰ অনুসৰি ৰাজ্য চৰকাৰৰ এক যানবাহন আৰক্ষী আৰু পৰিবহন বিভাগৰ কাৰণে এক আইন অত্যন্ত দৰকাৰী ৷ যাতে যান বাহনৰ নিয়ম উলংঘাকাৰী সকলক জৰিমনা আদায় কৰিব পাৰে।

কিন্তু সম্প্ৰতি এক আশ্চৰ্য্যকৰ কথা হৈছে যে যদি চলিত বৰ্ষত ১ ছেপ্তম্বৰৰ পৰা অন্য ৰাজ্যত নতুন যান বাহন আইন আৰম্ভ কৰিব পাৰে তেন্তে অসমত কিয় নোৱাৰে? এই সন্দৰ্ভত দ্য চেন্টিনেলৰ লগত মতবিনিময় কৰি জিলা পৰিবহন বিষয়াই কয় যে আমি অধিসূচনাৰ কাৰণে অপেক্ষা কৰি আছো ৷কাৰণ, অধিসূচনা আৰম্ভ নকৰালৈকে আমি যাতায়ত নিয়মৰ উলংঘণকাৰী সকলৰ কাৰণে জৰিমনা আদায়ৰ সিদ্ধান্ত ল’ব নোৱাৰো ৷

দ্বিতীয়তে এগৰাকী যান বাহন আৰক্ষী বিষয়াৰ মন্তব্য অনুসৰি,এই আইন বাস্তৱত ৰূপায়িত কৰা সম্পূৰ্ণ ৰূপে চৰকাৰৰ ওপৰত নিৰ্ভৰযোগ্য ৷ আমি আশা কৰিছো যে ৰাজ্যত নতুন যান বাহন নিয়ম আৰম্ভ হোৱাৰ পিছত যান বাহনৰ উলংঘাকাৰীসকলৰ সংখ্যা হ্ৰাস পাব ৷কিন্তু এই নিয়ম প্ৰথমবাৰ আৰম্ভ হওঁতে বিৰোধৰ সন্মুখীন হ’ব পাৰে যদিও আমি তেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছোঁ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Digboi MLA Suren Phukan inaugurates houses under PM Awas Yojana- Gramin

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com