বাহন ক্ৰয় কৰিছিল ৬৫,০০০ টকাত: কিন্তু জৰিমনাৰ পৰিমাণে সচকিত কৰিব আপোনাক

বাহন ক্ৰয় কৰিছিল ৬৫,০০০ টকাত: কিন্তু জৰিমনাৰ পৰিমাণে সচকিত কৰিব আপোনাক

নতুন যান বাহন আইন আৰম্ভ হোৱা সম্প্ৰতি ২০ দিন অতিক্ৰম কৰিলে ৷ সাম্প্ৰতিক সময়ত নতুন যান বাহন আইনৰ জৰিয়তে লোক সকলে হাজাৰ টকাৰ লগতে লাখ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিছে। ইয়াৰ মাজত অহা এক বিশেষ সূত্ৰৰ মতে এখন দুচকীয়া বাহনৰ মূল্যতকৈ অধিক জৰিমনা ভৰিব লগা হয় এগৰাকী চালকে ৷

এই ঘটনাটো হৈছে উৰিষ্যাৰ ৷এজন লোকে এখন নতুন এক্টিভা ক্ৰয় কৰাৰ পিছত যান বাহন আইন উলংঘা কৰাৰ কাৰণে আৰক্ষীয়ে জব্দ কৰে বাহনখন ৷ আৰু যান বাহন আইন উলংঘা কৰাৰ অভিযোগত লোকজনে পৰিশোধ কৰিব লগা হয় ১ লাখ টকা ৷ ঘটনা অনুসুৰি ২৮ আগষ্ট’ত ভূৱনেশ্বৰৰ পৰা এখন হোণ্ডা এক্টিভা ক্ৰয় কৰিছিল এজন লোকে ৷

ইয়াৰ পিছত ১২ ছেপ্তেম্বৰত কটকত চেক গেটত যান বাহন আৰক্ষীয়ে বাইকখন জব্দ কৰে। আৰু বাইক আৰোহীৰ লগত কোনো ধৰণৰ প্ৰয়োজনীয় নথি পত্ৰ নথকাৰ কাৰণে বাইকখনৰ চালকক ১ লাখ টকাৰ জৰিমনা বিহে। ইফালে সম্প্ৰতি যান বাহনৰ নতুন আইন যান বাহন উলংঘাকাৰীসকলৰ কাৰণে এক ত্ৰাসৰ দৰে হৈ পৰিছে।

যান বাহন আইন উলংঘা কৰি জৰিমনা পৰিশোধ কৰা এইয়াই প্ৰথম নহয় ৷ইয়াৰ পূৰ্বতে নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷

আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

শেহতীয়াকৈ ওৰিষ্যাৰ এজন ট্ৰাক চালকে যান বাহন আইন উলংঘা কৰি ভৰিব লগা হোৱা ধনৰ পৰিমাণে সকলোৰে মাজত চৰ্চা লাভ কৰিছে।কাৰণ লোকজনে যান বাহন আইন উলংঘা কৰি জৰিমনা ভৰে ৮৬,৫০০ টকা । সম্প্ৰতি এই ধন দেশৰ সকলোতকৈ যান বাহনৰ ক্ষেত্ৰত লোৱা জৰিমনাৰ ৰাশি হিছাপে পৰিগণিত হৈছে। সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷ গতিকে সম্প্ৰতি আশোক যাদৱ নামৰ লোকজনে ভৰা যান বাহনৰ, জৰিমনাৰ এখন বিশেষ চালান সকলো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com