Begin typing your search above and press return to search.

শিৱসাগৰ জিলাৰ ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা:৯ জন নিহত

শিৱসাগৰ জিলাৰ ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা:৯ জন নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2019 4:37 AM GMT

উজনি অসমৰ শিৱসাগৰ জিলাৰ ডিমৌত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ আৰক্ষীৰ মন্তব্য অনুসৰি দুৰ্ঘটনাটোত নজন লোকৰ লগতে আঠজন লোক আহত হয়। ডিব্ৰুগড় অভিমুখী কনকজ্যোতি নামৰ AS 05 C 5999 আলট্ৰা বাছ আৰু যোৰহাট অভিমুখী AS 23 BC 6878 ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ কাৰণে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷

ইফালে ট্ৰেভেলাৰ খনৰ ৯ জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক যাত্ৰী কম বেছি পৰিমানে দুৰ্ঘটনটোত আহত হয়। আনহাতে আহতসকলক ডিমৌ আদৰ্শও চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। নিহত এজন ডিমৌৰ নৰেন ভৰালী বুলি চিনাক্ত হৈছে ৷

আহত সকলৰ নাম ৰশ্মি ৰেখা কছাৰী(দেৰগাঁও), ইছলাম আহমেদ(ডিব্ৰুগড়), প্ৰদীপ দিহিঙীয়া(ডিমৌ), দেহা সিং নাথ(ফৰকাটিং), বিপুল তামুলী(কাকজন), মহম্মদ কুড্ডুচ আলি(মৰিগাঁও), ভোগেশ্বৰ বৰুৱা(ডিমৌ)।ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্ঘটনাটোৰ সন্দৰ্ভত দুখ ব্যক্ত কৰে আৰু পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিত্তলক সমগ্ৰ ঘটনাটৰ তদন্ত কৰিবলৈ আহ্বান কৰে।

লগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তক আহতসকলৰ চিকিৎসাৰ কাৰণে সকলো সুবিধা প্ৰদান কৰাৰ কাৰণে নিৰ্দেশ দিয়ে ৷আৰক্ষীৰ মন্তব্য অনুসৰি চাৰিজন লোকৰ ঘটনাস্থলীতে মৃত্যু বৰণ কৰে আৰু আন ছজন লোকে চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে বৰষূণৰ কাৰণে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাৰ কাৰণেই এই দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি কয় আৰক্ষীয়ে। সম্প্ৰতি এই দুৰ্ঘটনাটোৰ সংঘটিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ১৫ কিলোমিটাৰত ভাৰা হ’লগৈ ৪৩০০ টকা: যাত্ৰী পালেগৈ থানা

ভিডিঅ প্ৰতক্ষ্য কৰক:ATASU stage protest in Dhemaji's Gogamukh

Next Story
চাকৰি