Begin typing your search above and press return to search.

১৫ কিলোমিটাৰত ভাৰা হ’লগৈ ৪৩০০ টকা: যাত্ৰী পালেগৈ থানা

১৫ কিলোমিটাৰত ভাৰা হ’লগৈ ৪৩০০ টকা: যাত্ৰী পালেগৈ থানা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2019 11:34 AM GMT

১৫ কিলোমিটাৰত ভাৰা হ’লগৈ ৪৩০০ টকা ৷ সম্প্ৰতি যান বাহনৰ আইনে যান বাহন উলংঘাকাৰীসকলৰ ধনৰ ভৰাঁল উদং কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক ঘটনা ৷ এজন বেংগালুৰুৰ যুৱকে অ’টো ভাৰাৰ নামত দিছে ৪৩০০ টকা। কিন্তু এই যুৱক জনে কিমান কিলো’মিটাৰ অ’টোত যাত্ৰা কৰি ৪৩০০ টকা দিলে এই কথা জানিলে অন্যান্যসকলৰ দৰে আচৰিত হ’ব আপুনিও ৷

ঘটনা অনুসৰি পেছাত এজন অভিযন্তা যুৱকজনে কাটৰাজৰ পৰা পুনেৰ ইৰাৱাদালৈকে যাত্ৰা কৰে অ’টোত ৷আৰু এই সমগ্ৰ পথ ছোৱা দূৰ হ’ব প্ৰায় ১৪.০৫ কিলোমিটাৰ ৷ অৰ্থাৎ কাটৰাজৰ কৰা ইাৰাৱাদা পাবলৈ লাগে প্ৰায় ৪৭ মিনিট ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি অভিযন্তা গৰাকী কৰ্মসূত্ৰে পুনেত আছিল ৷ আৰু বুধবাৰে পুৱা ৫ বজাত কাটৰাজত বাছৰ পৰা নামে যুৱকজন ৷ আনহাতে প্ৰথমতে যুৱকজনে নিজৰ গন্তব্য স্থানত উপস্থিত হ’বলৈ এখন কেব বুক কৰে ৷

কিন্তু কেব বুক নোহোৱাত যুৱকজনে নিজৰ গন্তব্য স্থানত পাবৰ কাৰণে অ’টো লোৱাৰ সিদ্ধান্ত লয় আৰু অ’টো চালকেও যুৱকজনক গন্তব্য স্থানত থ’বৰ কাৰণে সন্মতি প্ৰদান কৰে। ইয়াৰ পিছতেই যুৱকজনৰ কাৰ্যালয়ে তেওঁৰ কাৰণে ইয়েৰাৱাদা আৰক্ষী থানাৰ ওচৰত এটা ৰূম বুক কৰে ৷ আৰু যেতিয়া যুৱক জন নিজৰ গন্তব্য স্থানত উপস্থিত হ’ল তেতিয়া অটো চালকে কোৱা ভাৰাৰ পৰিমাণ শুনি আচৰিত হয় । কাৰণ অটো’চালকে যুৱকজনৰ পৰা দাবী কৰিলে ৪৩০০ টকা ।

আনহাতে অট’চালকৰ মন্তব্য যে অ’টোৰ মিটাৰে সেই ধনৰ পৰিমাণটোৱেই দেখুৱাই আছিল। কিন্তু যুৱক জন ইমান বৃহৎ সংখ্যক ভাৰাৰ সন্দৰ্ভত বিৰোধ কৰাৰ লগতে দিবলৈ অমান্তি হোৱাৰ পিছত অটো চালকজনে যুৱকজনক গন্তব্য স্থানত থৈ অহাৰ বিনিময়ত ৬০০ টকা দিবলৈ কয় ৷ ইফালে এই ৬০০ কথাহে যুৱকজনৰ প্ৰকৃত ভাৰা আছিল। উল্লেখ্য যে যুৱকজনে অটোচালক জনক ভাৰা পৰিশোধ নকৰি স্থানীয় আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ দাখিল কৰে ৷ সম্প্ৰতি এই ঘটনাটো সকলো ফালে চৰ্চা লাভ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক: বাহন ক্ৰয় কৰিছিল ৬৫,০০০ টকাত: কিন্তু জৰিমনাৰ পৰিমাণে সচকিত কৰিব আপোনাক

ভিডিঅ প্ৰতক্ষ্য কৰক:13 year old boy drowns in River Brahmaputra | The Sentinel News | Assam News

Next Story
চাকৰি