নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণকাৰীলৈ কঠোৰ সকীয়নি অসম আৰক্ষীৰ

নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণকাৰীলৈ কঠোৰ সকীয়নি অসম আৰক্ষীৰ। প্ৰায় সমগ্ৰ বিশ্বজুৰি তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না মহামাৰীয়ে। সমগ্ৰ দেশত তিনি হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে এই প্ৰাণনাশী মহামাৰীত। লগতে বহু লোক মৃত্যুমুখতো পৰিছে। অসমত বৰ্তমানলৈকে ২৭ লোক আক্ৰান্ত হৈছে মহামাৰী ক’ৰ’নাত । ইয়াৰে ২৬ জন লোক নিজামুদ্দিন মৰকাজত অংশগ্ৰহণকাৰী । আনজন লোক গুৱাহাটীৰ জুৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা। উল্লেখ্য যে এই লোকজন যোৱা ১ মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল। সম্প্ৰতি তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে।
আনহাতে, নিজামুদ্দিন মৰকজত অংশগ্ৰহণকাৰীসকলৰ বহু লোকৰ অৱস্থান সম্পৰ্কীয় তথ্য পোহৰলৈ অহা নাই। এই লোকসকলে স্বাস্থ্য বিভাগৰ সৈতে এতিয়াও কোনোধৰণৰ যোগাযোগ কৰা নাই ।
অসম আৰক্ষীয়ে আহ্বান জনাইছে যিসকলে দিল্লীৰ নিজামুদ্দিন মৰকাজৰ জামাতত অংশ লৈছিল আৰু ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ঘূৰি ফুৰিছে তেওঁলোকক অনতি পলমে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত মঙ্গলবাৰে (৭ এপ্ৰিল) পুৱা ৬ বজাৰ ভিতৰত উপস্থিত হ'বলৈ। অথবা তেওঁলোকক ১০৪ হেল্পলাইন নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে ।
অসম আৰক্ষীয়ে এক বিজ্ঞপ্তিত কয় যে যদি সেইসকল লোকে ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰাত অসফল হয় তেন্তে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব । লগতে তেওঁলোকক আশ্ৰয় প্ৰদান কৰা, তেওঁলোকৰ যাত্ৰা সম্পৰ্কে তথ্য গোপন কৰি ৰখা লোকসকলৰ বিৰুদ্ধেও ভাৰতীয় দণ্ড বিধি আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব বুলি আৰক্ষীয়ে সকীয়াই দিছে।
অন্য খবৰৰ বাবে পঢ়ক: এই জটিল সময়ত সংবাদ মাধ্যমে মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে : মুখ্যমন্ত্ৰী সোণোৱাল
ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar