ৰাজ্যৰ কোনো লোক কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰামিত হোৱা নাই

ৰাজ্যৰ কোনো লোক কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰামিত হোৱা নাই

ৰাজ্যৰ কোনো লোক কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰামিত হোৱা নাই। সমগ্ৰ বিশ্বৰ কেইবাখনো দেশত কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কোৰোণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত অসমৰ ৩০০ জন‌ ব্যক্তিক স্ক্ৰীণ কৰা হৈছিল। এই ভাইৰাছৰ ফলত চীনৰ প্ৰায় ১,৬০০ জন লোকে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যৰ স্বাস্থ্য বিভাগ কতৃপক্ষই কয় যে কোৰোণা ভাইৰাছৰ দ্বাৰা কোনো লোকে সংক্ৰামিত হোৱা নাই । গুৱাহাটী আৰু নগাঁওৰ দুজন ব্যক্তিৰ শৰীৰত কোৰোণা ভাইৰাছৰ লক্ষণে দেখা দিয়াৰ ফলত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষাৰ পিছত এয়া নিশ্চিত হয় যে তেওঁলোক কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাই ।

যি সকল লোক চীন, জাপান, হংকং আৰু থাইলেণ্ডৰ পৰা আহিছে সেই সকল লোকক ঘৰত পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্যৰ স্বাস্থ্য বিভাগ কতৃপক্ষই জনোৱা অনুসৰি তেওঁলোকক পৃথককৈ থাকিবলৈ কোৱা হৈছিল লগতে তেওঁলোকৰ শৰীৰত কোৰোণা ভাইৰাছৰ লক্ষণে দেখা দিলে শীঘ্ৰেই স্বাস্থ্য বিভাগক অৱগত কৰাবলৈ কোৱা হৈছিল।

তেনেদৰে লোক জনক ঘৰত পৃথককৈ ৰখাৰ পিছত ২৮ দিনৰ বাবে ব্যক্তি জনক পৰ্যবেক্ষণত ৰখা হৈছিল। ঘৰত থকাৰ সময়ছোৱাত তেওঁলোকক পৃথককৈ থাকিব দিয়াৰ লগতে স্বচ্ছতা আৰু মানুহৰ লগত দুৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছিল।‌

প্ৰথমতে অসমৰ পলা কোৰোণা ভাইৰাছৰ পৰীক্ষাৰ বাবে নমুনা পুনেলৈ প্ৰেৰণ কৰা হৈছিল , কিন্তু এতিয়া গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ মাইক্ৰবায়লজী বিভাগত কোৰাণা ভাইৰাছ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাটোৰ বাবে কমেও ২৪ ঘন্টা সময়ৰ প্ৰয়োজন হয়।

তদুপৰি জিলা চিকিৎসালয় সমূহত দুখনকৈ বিচনাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে, লগতে মেডিকেল কলেজ সমূহত কোৰোণা ভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে পাঁচ খন বিচনাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কোৰোণা ভাইৰাছৰ কিছুমান সাধাৰণ লক্ষণ সমূহ হ'ল জ্বৰ, কাহ , উশাহ লোৱাত কষ্ট হোৱা আদি । অধিক গম্ভীৰ ক্ষেত্ৰত নিউম'নিয়া, উশাহ লোৱাত কষ্ট, কিডনীৰ সমস্যা, আনকি মৃত্যু ও হ'ব পাৰে ।

এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিয়মিত ৰূপত হাত ধুৱ লাগে, কাহ আৰু হাঁচিৰ সময়ত মুখত কোপোৰেৰে থাকিব লাগে লগতে মাংস আৰু কণী ভালদৰে সীজাই খাব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই এই লক্ষণ সমূহ দেখা দিলে নিকটৱৰ্তী চিকিৎসালয়ল লগত সম্পৰ্ক কৰিবলৈ সকলোকে পৰামৰ্শ প্ৰদান কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com