ক’ৰ’না মহামাৰী : আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়ব পাৰিব ধন

ক’ৰ’না মহামাৰী : আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়ব পাৰিব ধন
Published on

ক’ৰ’না মহামাৰী : আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়ব পাৰিব ধন

ক’ৰ’না মহামাৰী : আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়ব পাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ‌ উদ্দেশ্য বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি বহু নীতি-নিৰ্দেশনাও জাৰি কৰিছে। ভয়ংকৰ ৰূপ ধাৰণ কৰা এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনতাক সকাহ দিবলৈ চৰকাৰে লৈছে আন এক সিদ্ধান্ত।‌ এই সিদ্ধান্ত অনুসৰি আগন্তুক তিনি মাহলৈ যি কোনো এ টি এমৰ পৰা টকা উলিয়ালে বৰ্তমানৰ লেখীয়াকৈ কোনো মাচুল আদায় দিব নালাগে।‌ তদুপৰি অহা ৩০ জুনলৈ গ্ৰাহকৰ একাউণ্টত কোনো সৰ্বনিম্ন ধন জমা নাথাকিলেও বেংকে কোনো মাচুল কৰ্তন নকৰে। এই ৰেহাইৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

উল্লেখ্যে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ দেশৰ জনতাই যোৱা দেওবাৰে জনতা সান্ধ্য আইন পালন কৰে । তাৰ পিছতেই আজিৰে পৰা দেশৰ বিভিন্ন ৰাজ্যত লক-ডাউন ঘোষণা কৰা হৈছে। লক-ডাউনৰ সময়ত যাতে জনতাই হাৰাশাস্তি ভোগ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰি আন বহু ৰেহাই ঘোষণা কৰিছে বিত্ত মন্ত্ৰী সীতাৰমণে। ইয়াৰ অংশৰূপে আধাৰ কাৰ্ড- পানকাৰ্ড সংযোজনৰ অন্তিম তাৰিখ অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে বিশ্বৰ লগতে ভাৰততো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৱিড-১৯ সংক্ৰমণৰ ঘটনা । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি মঙলবাৰে নিশা আঠ বজাত পুনৰ দেশবাসীক উদ্দেশ্যি বিশেষ ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ক’ৰ’না মহামাৰী সম্পৰ্কত দেশবাসীক উদ্দেশ্যি প্ৰথমটো ভাষণ দিছিল। আজি পুনৰ তেওঁ নিশা আঠ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com