Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী: ২৬ মাৰ্চত হ'বলগীয়া ৰাজ্যসভাৰ ৫৫ আসনৰ নিৰ্বাচন‌ স্থগিত

ক’ৰ’না মহামাৰী: ২৬ মাৰ্চত হবলগীয়া ৰাজ্যসভাৰ ৫৫ আসনৰ নিৰ্বাচন‌ স্থগিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 12:35 PM GMT

ক’ৰ’না মহামাৰী: ২৬ মাৰ্চত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন‌ স্থগিত । ক’ৰ’না মহামাৰী ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত। দেশটো বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীৰ তাণ্ডৱ। এই মহামাৰীৰ ভয়ংকৰ ৰূপ লক্ষ্য কৰি তিমধ্যে ৩০খন ৰাজ্যত লক-ডাউন ঘোষণা কৰা হৈছে। । আনহাতে, দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২৬ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন‌ স্থগিত কৰা হৈছে। উল্লেখ্য যে যোৱা ২৫ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে ১৭ খন‌ ৰাজ্যৰ ৫৫খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ ঘোষণা কৰিছিল।

সম্প্ৰতি আয়োগে অতি সংক্ৰামক ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই আসনসমূহৰ নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে যোৱা ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগক বিশ্ব মহমাৰী ঘোষণা কৰে । তাৰ পিছতেই ভাৰত চৰকাৰেও ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্য বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে। আয়োগে কয় যে যাতায়ত ব্যৱস্থাকে ধৰি আন বহু দিশৰ জাৰি কৰা নিষেধাজ্ঞাৰ কথা বিবেচনা কৰি অহা ২৬ মাৰ্চৰ নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এতিয়ালৈকে আয়োগে নিৰ্বাচনৰ নতুন তাৰিখ ঘোষণা কৰা নাই ।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৱিড-১৯: আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি