ৰাজ্যত প্ৰভাৱ পৰা নাই যান বাহনৰ পঞ্জীয়নত

ৰাজ্যত প্ৰভাৱ পৰা নাই যান বাহনৰ পঞ্জীয়নত

ৰাজ্যত প্ৰভাৱ পৰা নাই যান বাহন পঞ্জীয়নত । যি সময়ত সমগ্ৰ দেশজুৰি যান বাহন উদ্যোগ সমূহত মন্দাৱস্থা চলা দেখা গৈছে তাৰ বিপৰীতে অসমত এতিয়াও অতি সাধৰন ভাৱে চলি থকা দেখা গৈছে যান বাহন পঞ্জীয়নৰ ধাৰা । ৩১ আগষ্ট , ২০১৯ লৈ প্ৰতিমাহে কমেও ৪৫ , ০০০ যান বাহনৰ পঞ্জীয়ন কৰা হয় অসমত । কেৱল মাথো কামৰূপ জিলাতে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত কমেও ৯ ,০০০ নতুন যান - বাহন পঞ্জীয়ন কৰা হৈছে ।

বিগত ২০১৭ - ২০১৮ আৰু ২০১৮ - ২০১৯ বিত্তীয় বৰ্ষত ৰাজ্যত অধিক হৈছে যান - বাহন পঞ্জীয়নৰ সংখ্যা । উৎসৰ পৰা জানিব পৰা মতে , পৰিবহন আয়ুক্ত কাৰ্যালয়ে জানিবলৈ দিয়া মতে ২০১৪ -২০১৫ বিত্তীয় বৰ্ষত মুঠ ২,৬৭,৯০০ যান - বাহন পঞ্জীয়ন হৈছে । লগতে ২০১৫ - ২০১৬ বিত্তীয় বৰ্ষত ২,৯০,৮৭৪ আৰু ২০১৬ - ২০১৭ বিত্তীয় বৰ্ষত ২,৯২,৯৮০ খন যান বাহনৰ পঞ্জীয়ন কৰা হয় । যি নহওক ৰাজ্যত ২০১৭ - ২০১৮ বিত্তীয় বৰ্ষত প্ৰায় দুগুণ হোৱা দেখা গৈছে যান বাহন পঞ্জীয়ন ।

২০১৭ - ২০১৮ বিত্তীয় বৰ্ষত কমেও ৪,৪২,৭৪৭ খন পঞ্জীয়ন কৰা হয় । এই ধাৰা সলনি হোৱা দেখা নগ'ল ২০১৮- ২০১৯ বিত্তীয় বৰ্ষত । ৰাজ্যত কমেও ৫,০২,৫২৫ খন যান বাহনৰ পঞ্জীয়ন কৰা হৈছে ২০১৮- ২০১৯ বিত্তীয় বৰ্ষত । কাৰ্যকাৰী সমীক্ষা অনুসৰি , ২০১৮ -২০১৯ বিত্তীয় বৰ্ষত দুচকীয়া বাহন পঞ্জীয়নৰ সংখ্যা অধিক দেখা গৈছে । ২০১৮ -২০১৯ বিত্তীয় বৰ্ষত কমেও ২,৬০,২৯৫ খন দুচকীয়া বাহন পঞ্জীয়নৰ সংখ্যা অধিক দেখা গৈছে ।

আনহাতে চাৰিচকীয়া বাহন পঞ্জীয়নৰ সংখ্যা ৬৬ , ০৯৫ দেখা গৈছে ২০১৮ - ২০১৯ বিত্তীয় বৰ্ষত । জিলা অনুসৰি কৰা সমীক্ষাত কামৰূপ উচ্চস্হানত আছে যান বাহন পঞ্জীয়নৰ সংখ্যাত । কামৰূপ জিলা কমেও ৯৭,৪৪০ খন বাহন পঞ্জীয়ন কৰা হৈছে ২০১৮ - ২০১৯ বিত্তীয় বৰ্ষত।

তাৰপিছত দ্বিতীয় স্হানত থাকে নগাঁও জিলা। নগাঁও জিলাত ৩৬,৭৫৪ খন যান বাহনৰ পঞ্জীয়নৰ কৰা হয় আৰু শোণিতপুৰ জিলাত ৩২,৪৫৮ খন যান বাহনৰ পঞ্জীয়নৰ কৰা হয় ২০১৮ - ২০১৯ বিত্তীয় বৰ্ষত ।

দেখা যায় যে, চলিত বৰ্ষৰ আগষ্ট মাহলৈ ৰাজ্যৰ কামৰূপ জিলাত মাহেকত ৭০০০- ৯০০০ যান বাহন পঞ্জীয়ন হোৱাৰ বিপৰীতে, সমগ্ৰ ৰাজ্যজুৰি মাহেকত ৪৫,০০০ যান - বাহন পঞ্জীয়ন কৰা হয় । কাৰ্যকৰী বিভাগৰ এজন কৰ্মচাৰীয়ে চেন্টিনেলক জনোৱা অনুসৰি বেংকৰ লোন প্ৰক্ৰিয়া সহজ আৰু গাড়ীৰ বিপহী সমূহৰ বাবে যান বাহন পঞ্জীয়ন সহজ হৈছে ।

তাৰ বাবে ৰাজ্যৰ মধ্য বিত্ত লোকসকলেও যান বাহন ক্ৰয় কৰিব পাৰিছে । Implementation of the act 2019 প্ৰযোজ্য হোৱাৰ লগে লগে আৰু সহজ হ'ব যান বাহন পঞ্জীয়ন । implementation of the act 2019 সম্পৰ্কে এতিয়ালৈকে কোনো ধৰনৰ জাননী জাৰী কৰা নাই বুলি জানিব দিছে কৰ্মচাৰী জনে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Leopard caged in Naharani Megha Tea Estate

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com