নকলৰ পৰিনাম: কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত মুৰত বাকচ পিন্ধি দিলে পৰীক্ষা

নকলৰ পৰিনাম: কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত মুৰত বাকচ পিন্ধি দিলে পৰীক্ষা

নকলৰ পৰিনাম : কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত মুৰত বাকচ পিন্ধি দিলে পৰীক্ষা । এক আচৰিত ঘটনা সংঘটিত হয় কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত । নকল ৰখাবলৈ সকলো প্ৰয়াসে কৰে শিক্ষক শিক্ষয়িত্ৰীয়ে । তাৰ মাজতে কৰ্নাটকৰ এখন বিদ্যালয়ত হোৱা এক ঘটনা ভাইৰেল হৈ পৰিছে , আনকি হাস্যকৰ হৈ পৰিছে সমগ্ৰ ঘটনাটো ।

নকল ৰখাবৰ বাবে কৰ্ণাটকৰ এখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মুৰত বাকচ পিন্ধাই দিয়ে । যাৰ ফলত ছাত্ৰ ছাত্ৰী সকলে কোনো ফালে চাব পৰা নাছিল । ইয়াৰ পিছতেই মহাবিদ্যালয় খনৰ এই ঘটনাটোৱে সমগ্ৰ ছোচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে ।

এই ঘটনাটো সংঘটিত হয় হাভেলি জিলাৰ বাঘাত প্ৰি ইউনিভাৰচিটি কলেজত । লগতে সমগ্ৰ ঘটনাটোৰ ফটো বুধবাৰে ছোচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছিল ।

উৎস অনুসৰি জানিব পৰা গৈছে যে, বিগত বৰ্ষৰ পৰীক্ষাৰ সময়ত বহু শিক্ষাৰ্থীয়ে নকল কৰিছিল । ছাত্ৰ ছাত্ৰী সকলক সতৰ্কবানী দিয়াৰ পিছতো তেওঁলোকে নকল কৰিছিল। সেইবাবে নকল কাৰ্য ৰোধ কৰাৰ বাবে মহাবিদ্যালয় কতৃপক্ষই এই ব্যৱস্থা হাতত লয় ।

মহাবিদ্যালয় খনৰ এনেকুৱা কামৰ বাবে ৰাজ্য চৰকাৰে মহাবিদ্যালয় খনত এক সূচনা জাৰি কৰে আৰু কি কাৰনে ছাত্ৰ ছাত্ৰী সকলক মুৰত বাকচ পিন্ধাইছে সেয়া জানিব খোজে ।

সাৰ্বজনিক নিৰ্দেশ বিভাগৰ উপ নিৰ্দেশক এচ এচ পিৰাজে কয় যে , " আমি স্পষ্ট ৰূপত মহাবিদ্যালয় কতৃপক্ষক নকল সম্বন্ধে লিখিত স্পষ্টিকৰন দিবলৈ কৈছো , আৰু যদি ভৱিষ্যতে মহাবিদ্যালয় কতৃপক্ষই এনে ধৰনৰ কাম কৰে তেন্তে মহাবিদ্যালয় খনৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ'ব " ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Pre-Diwali Preparation from Nalbari

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com