Begin typing your search above and press return to search.

সামাজিক দূৰত্বই নহয়, দৈহিক দূৰত্ব বৰ্তাই ৰাখক: স্বাস্থ্য সংস্থাৰ পৰামৰ্শ

সামাজিক দূৰত্বই নহয়, দৈহিক দূৰত্ব বৰ্তাই ৰাখক: স্বাস্থ্য সংস্থাৰ পৰামৰ্শ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2020 8:08 AM GMT

সামাজিক দূৰত্বই নহয়, দৈহিক দূৰত্ব বৰ্তাই ৰাখক: স্বাস্থ্য সংস্থাৰ পৰামৰ্শ

ক’ৰ’না ভাইৰাছ সৃষ্ট বিশ্বজোৰা মহাব্যাধি প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাটোৱেই যথেষ্ট নহয়, দৈহিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷ ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে এনে এলানি পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থা(হু)কে ধৰি বিশ্বৰ কেতবোৰ আগশাৰীৰ স্বাস্থ্য সংস্থাই ৷ এই সম্পৰ্কত বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ক’ৰ’না প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্বৰ লগতে দৈহিক দূৰত্ব বা ইজনে-সিজনৰ পৰা আঁতৰি থকাটো অতি জৰুৰী ৷ ইপিনে, চৌদিশে তীব্ৰ আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্য ভাৰতীয় ৰেলৱেই বাতিল কৰা টিকটৰ বিপৰীতে যাত্ৰীসকলক এশ শতাংশ মূল্যই উভতাই দিব বুলি কৰিছে। অহা ১৫ এপ্ৰিললৈকে টিকট বাতিল কৰা যাত্ৰীসকলে এই সুবিধা পাব বুলি ৰেলৱেই টুইটাৰত ঘোষণা কৰি কয় যে ৰেলৱেই টিকটৰ মূল্য প্ৰত্যৰ্পণৰ নিয়ম সলনি কৰিছে।আনহাতে, ভাৰতীয় ৰেলৱেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অহা ২২মাৰ্চ অৰ্থাৎ দেওবাৰে ভাৰতীয় ৰেলৱেই সকলো যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ ৰাখিব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ জনতা কাৰ্ফিউ পালন কৰিবলৈ সমগ্ৰ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীয়ে জনতা কাৰ্ফিউ পালন কৰিবলৈ প্ৰস্তুতি চলাইছে ৷ এই কাৰ্ফিউ পালন কৰিব ভাৰতীয় ৰেলৱেইয়ো ৷ উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাইছে ৷ বৰ্তমানলৈকে এই ৰোগত দেশত ২৫০ৰো অধিক লোক আক্ৰান্ত হৈছে ৷ এনে পৰিস্থিতিত দেশজুৰি তীব্ৰ আতলকৰ সৃষ্টি হৈছে ৷ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ উঠাত যোৱা বৃহস্পতিবাৰে নিশা মোদীয়ে ২২মাৰ্চত জনতা কাৰ্ফিউ পালন কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে ৷ উক্ত দিনা পুৱা সাত বজাৰ পৰা নিশা ৯বজালৈ জৰুৰী সেৱাসমূহত নিয়োজিতসকলৰ বাদে আন লোকক ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: আগন্তুক ১৪ দিনলৈ জনতাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Coronavirus update: Buddhist Monastery in Naharkatika take extra prevention measures

Next Story
চাকৰি