৩৭১ অনুচ্ছেদ প্ৰত্যাহাৰৰ কোনো পৰিকল্পনা নাই : অসম প্ৰদেশ বিজেপি

৩৭১ অনুচ্ছেদ প্ৰত্যাহাৰৰ কোনো পৰিকল্পনা নাই : অসম প্ৰদেশ বিজেপি

উত্তৰ-পূৰ্বাঞ্চল বাসীয়ে ভয় কৰাৰ কোনো কাৰণ নাই বুলি প্ৰকাশ কৰিছে অসম প্ৰদেশ বিজেপিয়ে। ৩৭১ প্ৰত্যাহাৰ নকৰে বুলি প্ৰকাশ কৰে। হেঙাৰাবাৰীস্থিতি বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সাংসদ দিলিপ কুমাৰ শইকীয়ায়ে প্ৰকাশ কৰে যে, সদনত অমিত শ্বাহে কাশ্মীৰত ৩৭০ প্ৰত্যাহাৰ প্ৰসংগ উল্লেখ কৰিছিল । লগতে তেওঁ প্ৰকাশ কৰে যে, ৩৭০ অনুচ্ছেদ সংবিধান ৰ কেতিয়াও স্থায়ী নাছিল কিন্তু ৩৭১ অনুচ্ছেদ সংবিধানৰ স্থায়ী অনুচ্ছেদ । ৩৭১ অনুচ্ছেদ প্ৰত্যাহাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি প্ৰকাশ কৰে ।

সাংসদ দিলিপ কুমাৰ শইকীয়ায়ে লগতে প্ৰকাশ কৰে যে, ৩৭১ অনুচ্ছেদৰ সকলো খিনি সুবিধা লাভ কৰিব । জম্বু-কাশ্মীৰত ৩৭০ আৰু ৩৫ এ প্ৰত্যাহাৰ ভাৰতৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত বুলিও প্ৰকাশ কৰে ।সংবাদমেলত সভাপতি ৰঞ্জিত কুমাৰ দাস , সাংসদ তপন কুমাৰ গগৈ আৰু সাংসদ কুইন ওজা উপস্থিত থাকে । লগতে প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীক one-nation one-act-policy ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শেষ মোহৰ মৰাৰ পিছত জম্বু-কাশ্মীৰত অন্ত পৰিলে বিশেষ মৰ্য্যদা।বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে ।

সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰিছিল। জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰিবলৈ নিৰাপত্তাৰ বিষয়ৰ উপৰত লক্ষ্য ৰাখি , লগতে পৰিকল্পনা, প্ৰস্তুতি বহু আগৰে পৰা চলাইছিল মোদী চৰকাৰে । দীঘলীয়া প্ৰস্তুতিৰ অন্তত সোমবাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জম্মু–কাশ্মীৰক উন্নত ৰাজ্য হিচাপে গঢ়িব কেন্দ্ৰই অমিত শ্বাহে কয় যে পৰিস্থিতিৰ উন্নতি ঘটিলে আৰু সঠিক সময় আহিলে জম্মু–কাশ্মীৰক পুনৰ পূৰ্ণৰাজ্য কৰা হ’ব। গৃহমন্ত্ৰীৰ মতে, অনুচ্ছেদ–৩৭০ ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। অনুচ্ছেদ–৩৭০ আৰু ৩৫এ আঁতৰ নকৰাকৈ সন্ত্ৰাসবাদ নিঃশেষ কৰাটো সম্ভৱ নহয়।

ভিডিঅ প্ৰতক্ষ্য কৰক:Two Gambling Rackets busted by MLA Shiladitya Dev in Hojai

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com