Begin typing your search above and press return to search.

অসমত এতিয়ালৈকে কোনো কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা নাই : স্বাস্থ্য মন্ত্ৰী শৰ্মা

অসমত এতিয়ালৈকে কোনো কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা নাই : স্বাস্থ্য মন্ত্ৰী শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2020 8:30 AM GMT

অসমত এতিয়ালৈকে কোৰোনা ভাইৰাছৰ ঘটনা নাই : স্বাস্থ্য মন্ত্ৰী শৰ্মা। সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছে। বিশ্বৰ কে’বাখনো দেশলৈ সংক্ৰামিত হৈছে মহামাৰী কোৰোনা। বিশ্বৰ লগতে ভাৰত চৰকাৰেও বিভিন্ন ব্যৱস্থা হাতত লৈছে এই মহামাৰীৰ বিৰুদ্ধে। কোৰোনা ভাইৰাছৰ প্ৰতিৰোধক কোনো দৰৱ বা প্ৰতিষেধক এতিয়ালৈকে তৈয়াৰ হোৱা নাই। এতিয়ালৈকে অসমত কোনো ধৰণৰ কোৰোনা ভাইৰাছৰ আক্ৰান্ত ব্যক্তিৰ ঘটনা পোহৰলৈ অহা নাই।

যোৱা শনিবাৰে যোৰহাটৰ এটি চাৰি বছৰীয়া শিশুৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি সন্দেহ কৰা হৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত এয়া ভুল বুলি বিবেচিত হয় । দেওবাৰে পুৱা শিশুটি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

এই শিশুটি Covid-19ৰ দ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল যদিও যোৰহাট মেডিকেল কলেজ আৰু আই চি এম আৰ ডিব্ৰুগড়ৰ লাহোৱালস্থিত পৰীক্ষাগাৰত কৰা পৰীক্ষাত তথ্য উদ্ভাৰ হয় যে শিশুটি এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই। এতিয়ালৈকে Covid-19 ৰ কোনো ধৰণৰ ঘটনা অসমত পোহৰলৈ অহা নাই। দেওবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা সদৰী কৰে ।

আনহাতে, যোৰহাট‌ৰ উপায়ুক্ত ৰোছনী অপৰাঞ্জী কোৰাটীয়ে কয় যে উক্ত শিশুটিৰ দেহত যোৰহাট মেডিকেল কলেজত কৰা পৰীক্ষাত কোৰোনা ভাইৰাছৰ উপস্থিত ধৰা পৰিছিল। অৱশ্যে তেওঁ চূড়ান্ত ফৰাফলৰ বাবে অপেক্ষা কৰিবলৈ কৈছিল ৷

এই শিশুটিৰ ঘৰ যোৰহাট নগৰৰ পুলিবৰ অঞ্চলত ।‌কিছুদিন‌ পূৰ্বেই তেওঁলোকে বিহাৰৰ পৰা ৰেলেৰে আহি যোৰহাটত উপস্থিত হয়।‌ শিশুটি , তেওঁৰ মাতৃ আৰু তেওঁৰ ভগ্নীয়ে মাৰ্চ ১৯ ত আহি যোৰহাটত উপস্থিত হয়। তাৰ পিছতেই স্বাস্থ্য বিভাগৰ লোকে ২০ মাৰ্চত তেওঁলোকৰ ঘৰত আহি উপস্থিত হয় আৰু শিশুটিৰ দেহত কোৰোনা ভাইৰাছৰ লক্ষণ সমূহ দেখা দিছিল ।

যোৰহাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ছোৱালী জনীৰ সংস্পৰ্শলৈ অহা সকলো লোকৰ ওপৰতে নজৰ ৰাখিছিল। অৱশ্যে ছোৱালী জনীৰ পৰিয়ালৰ কোনো লোকে বিদেশ ভ্ৰমণ কৰা নাই । ছোৱালী জনীৰ ঘৰত অহা স্বাস্থ্য বিভাগৰ লোকৰ উপৰিও সকলোকে ঘৰুৱা আইচলেচনত ৰখা হৈছিল বুলি জানিব দিয়ে যোৰহাট জিলা উপায়ুক্ত গৰাকীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: সামাজিক দূৰত্বই নহয়, দৈহিক দূৰত্ব বৰ্তাই ৰাখক: স্বাস্থ্য সংস্থাৰ পৰামৰ্শ

ভিডিঅ প্ৰতক্ষ্য কৰক: Coronavirus update: Buddhist Monastery in Naharkatika take extra prevention measures

Next Story
চাকৰি