অসমত সৰ্বাধিকঃ উত্তৰ-পূবৰ সাত ৰাজ্যতে ওলাল ক’ৱিড-১৯আক্ৰান্ত

অসমত সৰ্বাধিকঃ উত্তৰ-পূবৰ সাত ৰাজ্যতে ওলাল ক’ৱিড-১৯আক্ৰান্ত

অসমকে ধৰি উত্তৰ-পূবৰ সাতখন ৰাজ্যতে ওলাল কৱিড-১৯মহামাৰী আক্ৰান্ত ৷ এই সাত ৰাজ্যৰ সৰ্বাধিক তথা ৩১জন কৱিড-১৯আক্ৰান্ত হ’ল অসমৰ ৷ কালি চুবুৰীয়া ৰাজ্য মেঘালয়ত এজন ক’ৰ’না মহামাৰী আক্ৰান্ত ধৰা পৰে ৷ এই আক্ৰান্তজন হ’ল এজন ৬৯বছৰীয়া চিকিৎসক ৷ এই চিকিৎসকজনেই হ’ল ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ৰ’না মহামাৰী আক্ৰান্ত ৷ ইয়াৰ আগদিনা অৰ্থাৎ দেওবাৰে নগালেণ্ডৰ ডিমাপুৰৰ এজন লোকৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছ ধৰা পৰে ৷ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ডিমাপুৰৰ এই লোকজনৰ নমুনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষা কৰা হয় ৷ এই নমুনা পৰীক্ষাত তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত হয় ৷ ইপিনে, ত্ৰিপুৰাত এগৰাকী মহিলাসহ দুজন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে ৷ এই আক্ৰান্ত দুজনৰ এজন নিৰাপত্তাৰক্ষী জোৱান ৷ অৰুণাচল প্ৰদেশত এজন আৰু মিজোৰামতো দুজন লোক এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ আনহাতে, মণিপুৰতো এগৰাকী যুৱতীসহ দুজন লোক এই মহামাৰীত আক্ৰান্ত হয় ৷ অৱশ্যে ইয়াৰে যুৱতীগৰাকী সুস্থ হৈছে ৷ ইংলণ্ডত অধ্যয়নৰত এই যুৱতীগৰাকী যোৱা মাহত ঘৰলৈ আহে ৷ তাৰ পাছতে তেওঁৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ তেৱেঁই হৈছে মণিপুৰ তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত ব্যক্তি ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com