গামোচাক মুখবন্ধনীৰূপে ব্যৱহাৰ কৰি ল’ক-ডাউন বৃদ্ধিৰ কথা ঘোষণা কৰিলে মোদীয়ে

গামোচাক মুখবন্ধনীৰূপে ব্যৱহাৰ কৰি ল’ক-ডাউন বৃদ্ধিৰ কথা ঘোষণা কৰিলে মোদীয়ে

গামোচাক মুখবন্ধনীৰূপে ব্যৱহাৰ কৰি ল’ক-ডাউন বৃদ্ধিৰ কথা ঘোষণা কৰিলে মোদীয়ে

অসমীয়া গামোচাক দেশে-বিদেশে বিশেষ পৰিচিতি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ল’ক-ডাউন বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সময়তো চিৰ-পৰিচিত ভংগীমাৰে মুখত গামোচা পৰিধান কৰি থাকে ৷ আজি পুৱা ১০বজাত মোদীয়ে দেশবাসীক উদ্দেশি ভাষণ দিয়ে ৷ এই ভাষণ দিয়াৰ সময়ত তেওঁ ক’ৰ’না ভাইৰাছৰ পৰা সুৰক্ষা কবচৰূপে গামোচা ব্যৱহাৰ কৰে ৷ তেওঁ ভাষণ দিয়াৰ সময়ত পৰম্পৰাগত বগা গামোচা মুখবন্ধনীৰূপে ব্যৱহাৰ কৰে ৷ ভাষণৰ আৰম্ভণীতে তেওঁ দেশবাসীক উদ্দেশি নমস্কাৰ জনায় ৷ এই নমস্কাৰ জনোৱাৰ সময়ত তেওঁ এখন বগা গামোচাৰে নাক-মুখ ঢাকি ৰাখে ৷ উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাৰে স্বাস্থ্য বিশেষজ্ঞসকলে মাস্ক ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াই আহিছে ৷ সেই অনুসৰি ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ক’ৰ’না প্ৰভাৱিত দেশসমূহৰ অগনন লোকে ঘৰৰ বাহিৰলৈ ওলালে মাস্ক ব্যৱহাৰ কৰি আহিছে ৷ আনহাতে, আজি প্ৰধানমন্ত্ৰী মোদীয়ে চলিত তলাবন্ধৰ ম্যাদ অহা ৩ মে’লৈ বৃদ্ধি কৰে ৷ ইয়াৰ কাৰণ হৈছে দেশত ক্ৰমে ক’ৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাটো ৷ অৱশ্যে ল’ক-ডাউনৰ নীতি-নিয়ম শিথিল কৰিব পৰা হ’ব নেকি সেই বিষয়ে অহা ২০এপ্ৰিলৰ পাছত কেন্দ্ৰই চিন্তা-চৰ্চা কৰিব বুলি আজি মোদীয়ে ঘোষণা কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com