ব্যক্তিগত বাহন লৈ ঘৰৰ পৰা নোলাবঃ আৰক্ষীৰ কঠোৰ সকিয়নী

ব্যক্তিগত বাহন লৈ ঘৰৰ পৰা নোলাবঃ আৰক্ষীৰ কঠোৰ সকিয়নী
Published on

ব্যক্তিগত বাহন লৈ ঘৰৰ পৰা নোলাবঃ আৰক্ষীৰ কঠোৰ সকিয়নী

আজিৰ পৰা অহা ২০এপ্ৰিললৈ ব্যক্তিগত বাহন লৈ ঘৰৰ পৰা নোলাবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে অসম আৰক্ষীয়ে ৷ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুসৰি আজিৰ পৰা তলাবন্ধৰ নীতি-নিয়ম অত্যন্ত কঠোৰ কৰি তোলা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে তলাবন্ধ কঠোৰভাবে মানি চলিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্তই কয যে অহা ২০এপ্ৰিললৈ কোনো লোকেইঅনুমতি অবিহনে ব্যক্তিগত বাহন লৈ ঘূৰা-পকা কৰিব নোৱাৰিব ৷ আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ অৱশ্যে আৰক্ষী, সংবাদ মাধ্যমৰ লোক, চিকিৎসাকৰ্মীক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে ৷ “অহা ২০এপ্ৰিললৈকে ব্যক্তিগত বাহনলৈ ঘৰৰ পৰা নোলাব ৷ কোনো অকৰ্তৃত্বশীল ব্যক্তিক এনেদৰে ঘূৰা পকা কৰিবলৈ দিয়া নহ’ব ৷ আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ ” ডি জি পি মহন্তই এইদৰে কয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com