Begin typing your search above and press return to search.

জনসাধাৰণৰ কাৰণে কাৰণে সুখবৰঃ গুৱাহাটীৰ পৰা বেংককলৈ ন’ক বিমান সেৱা আৰম্ভ

জনসাধাৰণৰ কাৰণে কাৰণে সুখবৰঃ গুৱাহাটীৰ পৰা বেংককলৈ ন’ক বিমান সেৱা আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2019 12:49 PM GMT

জনসাধাৰণৰ কাৰণে সুখবৰ ৷ গুৱাহাটীৰ পৰা বেংককলৈ ন’ক বিমান সেৱা শুভাৰম্ভ হ’ব চলিত বৰ্ষৰ ২২ ছেপ্তেম্বৰৰ পৰা ৷ বিমান সেৱাৰ কৰ্মৰত কৰ্মচাৰীসকলৰ মত অনুসৰি ন’ক বিমান সেৱা সপ্তাহত দুবাৰকৈ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্য স্থানলৈ অহা যোৱা কৰাত সহায় কৰিব ৷ ইয়াৰ কাৰণে ব্যয় হ’ব ৬,৯৯৯ টকা ৷

গতিকে আপুনি যদি সম্প্ৰতি বেংককলৈ আজৰি সময়ত যোৱাৰ কথা ভাবিছে তেন্তে আপোনাৰ কাৰণে অতি সুবিধাজনক হ’ব ন’ক বিমান সেৱা ৷ গতিকে আপুনি আপোনাৰ কৰ্ম ব্যস্ততাৰ মাজতে অলপ সময় আজৰি লৈ, সকাহ পাবৰ কাৰণে চিন্তা কৰি আছে ৷তেন্তে সাজু হওঁক আপুনি ৷কাৰণ অলপ সময় আৰু টকা লৈ বেংককলৈ গৈ ছুটীৰ আনন্দ ল’ব পাৰিব আপুনি ৷

ইফালে গুৱাহাটীৰ পৰা বেংককলৈ যাবলৈ আপোনাৰ সময় লাগিব মাত্ৰ তিনি ঘন্টা ৷ এই তিনি ঘন্টাতে আপুনি আপোনাৰ সপোনৰ ঠাই বেংককত উপস্থিত হ’ব পাৰিব। আনহাতে গুৱাহাটীৰ পৰা বেংককলৈ যোৱা সেৱা উপলব্ধ হ’ব বৃহস্পতি বাৰ আৰু দেওবাৰে পুৱতি নিশা ১.৪০ বজাত আৰু বেংককৰ পৰা গুৱাহাটীলৈ যোৱা সেৱা উপলব্ধ হ’ব বুধবাৰ আৰু শনিবাৰে ২৩.৩০ বজাত। লগতে বিমান সেৱাত সকলো ধৰণৰ খাদ্যৰ উপলব্ধ হোৱাৰ লগতে যাত্ৰী সকলে কেৱল ২০ কেজি বস্তুহে কঢ়িয়াব পাৰিব ।

অধিক খবৰৰ বাবে পঢ়ক: চৰকাৰৰ কাৰ্যালয়ত বায়’মেট্ৰিক মেশ্যিনৰ ব্যৱস্থা কৰিবনে ?

ভিডিঅ প্ৰতক্ষ্য কৰক:Police Sub-Inspector dies in a fatal accident in Tinsukia | The Sentinel News | Assam News

Next Story