উত্তৰ-পূবৰ প্ৰথম ক’ৰ’না আক্ৰান্ত চিনাক্ত মণিপুৰত, ছাত্ৰীৰ শৰীৰত মাৰাত্মক ভাইৰাছ
অৱশেষত উত্তৰ-পূব পালেহি ভয়াবহ ক’ৰ’না ভাইৰাছ৷ লণ্ডনত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণ কৰি থকা মণিপুৰৰ এগৰাকী যুৱতীৰ শৰীৰত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ ৷ ২৩বছৰীয়া যুৱতীগৰাকী কিছুদিন পূৰ্বে ঘৰত উপস্থিত হয় ৷ তেওঁ লণ্ডনৰ পৰা প্ৰথমে কলকতালৈ আহে আৰু তাৰ পৰা তেওঁ বিমানেৰে ইম্ফলত উপস্থিত হয় ৷ উল্লেখ্য যে এই যুৱতীগৰাকীৰ পূৰ্বে উত্তৰ-পূবত কোনো আক্ৰান্ত ধৰা পৰা নাছিল ৷ গতিকে তেওঁৱেই ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তিত পৰিণত হৈছে ৷ ইপিনে, ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰী প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত কঠোৰ ব্যৱস্থা ঘোষণা কৰা হৈছে ৷ দেশৰ মুঠ ৭২৮ জিলাৰ ৬০৬তে তলাবন্ধ ঘোষণা কৰা হৈছে ৷ অসম চৰকাৰেও এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আজি মঙলবাৰে সন্ধিয়া ছয় বজাৰ পৰা সমগ্ৰ ৰাজ্যতে তলাবন্ধ বা ল’ক ডাউন ঘোষণা কৰিছে চৰকাৰে ৷ এখন সংবাদমেলত এই কথা ঘোষণা কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ ২৪ মাৰ্চৰ সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ তলা বন্ধ থাকিব।
জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব ৷ শাক পাচলি - মাছ - মাংসৰ দোকানো বন্ধ থাকিব ।" মন্ত্ৰীজনে লগতে এই কথাও কয় যে তলা বন্ধৰ সময়ছোৱাত জনসাধাৰণৰ ৰাস্তালৈ ওলাব নোৱাৰিব ।
ৰাস্তালৈ ওলালে হ’ব ছয় মাহৰ পৰা দু দুবছৰৰ কাৰাদণ্ড ৷
এম্বুলেঞ্চৰ বাহিৰে সকলো যাতায়ত বন্ধ থাকিব ।
একেদৰে ব্যক্তিগত বাহনৰ যাতায়তো বন্ধ থাকিব।
সীমিত পৰিমাণৰ কামৰ বাবে খোলা থাকিব বেংক ৷
মন্দিৰ মছজিদত সমাবেশ পাতিব নোৱাৰিব। তিনিজনতকৈ বেছি সমাবেশ কৰিব নোৱাৰিব।
.আনহাতে, খোলা থাকিব ATM , খোলা থাকিব পেট্ৰল পাম্প , খোলা থাকিব গেলামালৰ দোকান ।
ইপিনে, এক এপ্ৰিলৰ পৰা বিনামূলীয়া ৰেচন প্ৰদানৰ প্ৰচেষ্টা ল’ব চৰকাৰে।
মন্ত্ৰী শৰ্মাই Covid-19 ৰ পৰীক্ষা কেন্দ্ৰ বৃদ্ধিৰ কথাও ঘোষণা৷কৰে ।
আনহাতে, সোণাপুৰ ৰ অসামৰিক চিকিৎসালয়, ভঙাঘৰ চকু চিকিৎসা বিভাগক সম্পূৰ্ণৰূপে ক’ৰ’না বিভাগলৈ ৰূপান্তৰ কৰা হৈছে ।
মেডিকেল কলেজত OPD কৰা হ’ব সীমিত কৰা হৈছে বুলি তেওঁ কয় ৷ মন্ত্ৰীজনে লগতে কয় যে গুৱাহাটীৰ MMC চিকিৎসালয়কো প্ৰয়োজনত সম্পূৰ্ণ ক’ৰ’না ৰোগী চিকিৎসাৰ হাস্পাতাললৈ ৰূপান্তৰ কৰা হ’ব ৷ তদুপৰি প্ৰয়োজন হ’লে হোটেল ,চৰকাৰী-ব্যক্তিগত হোষ্টেলতো ৰখা হ’ব ৰোগী ।
আনহাতে. কাইলৈ আহি পাব অসমলৈ দুখন ৰেল। তাৰ পাছত ৩১ মাৰ্চলৈ অসমলৈ কোনো যাত্ৰীবাহী ৰেল নাহে। স্বাস্থ্যমন্ত্ৰী শৰ্মাই ক’ৰ’ণাক লৈ হাঁহি ধেমালি নকৰিবলৈ আহ্বান জনায় ।
চৰকাৰী নিৰ্দেশনা নামানিলে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা ল’ব বুলি তেওঁ সকীয়াই দিয়ে।
এই মুহূৰ্তলৈ অসমত নাই পোৱা কোনো ক’ৰ’ণা ভাইৰাছ আক্ৰান্ত ৷ আনহাতে,
কেৰালা , মহাৰাষ্ট্ৰ, আৰু কৰ্ণাটকৰ পৰা অহা কোনো লোকে ১৪ দিনলৈ ঘৰৰ পৰা ওলাব নোৱাৰিব । ওলালে গ্ৰেপ্তাৰ কৰা হ’ব।
১০৪ নম্বৰত পৰা উপলব্ধ হ’ব ক’ৰ’না সংক্ৰান্তীয় সকলো ধৰণৰ তথ্য।
বহি ৰাজ্যৰ পৰা অহা সকলক ৬০ৰ ঊৰ্ধৰ লোকৰ পৰা আঁতৰত থাকিবলৈ তেওঁ অনুৰোধ জনায় ।
অন্য খবৰৰ বাবে পঢ়ক: মঙলবাৰে সন্ধিয়াৰ পৰা অসমত সম্পূৰ্ণ তলা বন্ধ: স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ ঘোষণা
ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.