প্ৰখ্যাত সাহিত্যিক টাবুৰাম টাইদৰ দেহাৱসান

প্ৰখ্যাত সাহিত্যিক টাবুৰাম টাইদৰ দেহাৱসান

প্ৰখ্যাত সাহিত্যিক টাবুৰাম টাইদৰ দেহাৱসান । প্ৰখ্যাত শিক্ষাবিদ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাষাবিদ,অভিধান প্ৰণেতা,সাহিত্যিক টাবুৰাম টাইদৰ শনিবাৰে পুৱা ৭.৩০ বজাত ইহলীলা সম্বৰণ কৰে ।গুৱাহাটীৰ এখন চিকিৎসালয়ত মধুমেহ ৰোগত আক্ৰান্ত হৈ ৭৭ বছৰ বযসত টাবুৰাম টাইদৰ মৃত্যু হয় ৷ প্ৰয়াত সাহিত্যিক টাবুৰাম টাইদে মৃত্যুৰ সময়ত পত্নী বাসন্তী চেংগিয়া টাইডৰ লগতে পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে ৷ প্ৰয়াত টাবুৰাম টাইদক উত্তৰ লক্ষীমপুৰৰ গোগামুখত আজি ৰাজকীয় সন্মানেৰে অন্তিম সৎকাৰ কৰিব।

উল্লেখ্য যে ১৯৪২ চনৰ ১ আগষ্টত উত্তৰ লখিমপুৰৰ গুণাসুঁতি অয়েংগীয়া গাঁৱত টাবুৰাম টাইদৰ জন্ম হৈছিল ৷টাবুৰাম টাইদৰ পিতৃৰ নাম আছিল প্ৰয়াত উবাং টাইদ আৰু মাতৃ আছিল প্ৰয়াত দেউতি টাইদ। ১৯৫৮ চনত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্টিক উত্তীৰ্ণ হোৱাৰ পিছল ১৯৬০ চনত পশ্চিম বংগৰ নৰেন্দ্ৰপুৰ ২৪ পৰগণা জিলাৰ ৰামকৃষ্ণ মিশ্যন আশ্ৰমৰ পৰা প্ৰথম বিভাগত আই এছ ছি উত্তীৰ্ণ হয়।

১৯৬৬ চনত ইংৰাজী বিষয়ত সন্মানসহ দ্বিতীয় শ্ৰেণীত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ৷ ১৯৬৯ চনত তেওঁ আই চি এছ উত্তীৰ্ণ হয় যদিও চিকিৎসাজনিত কাৰণত বাছনি লাভৰ পৰা বঞ্চিত হয়। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত প্ৰবক্তা হিছাপে কৰ্ম জীৱন আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁ ধেমাজী আৰু ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিছাপে দায়িত্ব পালন কৰে ৷তাৰ পাছত কটন কলেজত প্ৰবক্তা হিছাপে যোগদান কৰে। ১৯৮১ চনত ৰাজ্যৰ শিক্ষা বিভাগত উপ সঞ্চালক হিচাপে যোগ দিয়ে ৷

প্ৰয়াত টাবুৰাম টাইদে সদৌ গুৱাহাটী মিচিং কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি,মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি,মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি,প্ৰথম গ্ৰামোফ’ন ৰেৰ্কডাৰ ৰেডিঅ’ আৰ্টিষ্ট,সাংস্কৃতিক বিভাগৰ অধীনত মিচিং ভাষাৰ গীতৰ চি ডিৰ গীতিকাৰ আৰু পৰিচালকৰ উপৰি প্ৰয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মিৰী জীয়ৰী বোলছবিৰ চিত্ৰ নাট্যকাৰ আছিল।

ভাষা আৰু অন্যান্য দিশত টাবুৰাম টাইদে আগবঢ়োৱা সন্মানেৰে বাবে ২০০৭ চনত মিচিং আগম কেবাঙ আগম মিগাং সন্মান,২০১১ চনত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে চ্যুকাফা বটাঁ,২০১১ চনত বসুদেৱ জালান বটাঁ,২০১২ চনত সাহিত্য অকাডেমি ভাষা সন্মান,২০১৯ চনত কাজিৰঙা বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত আছে ১৯৮৪ চনত প’মান ম’মান,১৯৮৩ চনত মিচিং ভাষাৰ বানান পদ্ধতি,১৯৯৫ চনত এ ডিক্সনেৰী অফ মিচিং লেংগুৱেজ আদি ৷

আনহাতে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদৰ মৃত্যুত ৰাজ্যপাল জগদীশ মুখী ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল গভীৰ শোক প্ৰকাশ কৰে। আৰু প্ৰয়াত টাবুৰাম টাইদৰ পত্নীৰ লগত বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্তও টাবুৰাম টাইদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:CM inaugurates Assam’s first CNG station in Dibrugarh

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com