ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন এপ্ৰিল ২০২০ ৰ পৰা : কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত

ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন এপ্ৰিল ২০২০ ৰ পৰা : কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত

ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন এপ্ৰিল ২০২০ ৰ পৰা : কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত । মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় জনসংখ্যাৰ পঞ্জীয়নৰ উন্নীতকৰণ কৰা হব আগন্তক বৰ্ষৰ এপ্ৰিল মাহৰ পৰা।কেন্দ্ৰীয় কেবিনেটৰ নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ ক্ষেত্ৰত পৰিচয় প্ৰমাণৰ বাবে কোনো নথি পত্ৰ , বায়মেট্ৰিক্সৰ প্ৰয়োজন নাই আৰু এনেদৰেই ভাৰতৰ ২০২১ বৰ্ষৰ দেশৰ জন গণনা কৰা হব। এই ঘোষণা কৰা মানৱ সম্পদ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে । কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে জনাই মানৱ সম্পদ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে,আগন্তক বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হবলগীয়া ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নত জন সাধাৰনৰ পৰা কোনো প্ৰমাণ বিচৰা নহয় ।

বিগত ইউ পি এ চৰকাৰৰ দিনত অৰ্থাৎ ২০১০ চনত চলোৱা জন গণনা প্ৰক্ৰিয়াৰ পৰা এই হবলগীয়া ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ প্ৰক্ৰিয়া কোনো পৃথক নহয়। ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন অনুসৰি জনগননা দেশৰ সমূহ জনসংখ্য।ক সামৰি হব। অসমক বাদ দি দেশৰ সমূহ প্ৰান্তত এই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন অনুসৰি জন গণনা কৰা হব।

ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হব আগন্তক বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত। এই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীত কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হব দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত। অন্যহাতে ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত

এই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ মূল সমীক্ষা সাজু কৰা হব।

কেন্দ্ৰীয় চৰকাৰৰ পৰা এই কথা স্পষ্ট কৰা হৈছে যে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ সমীক্ষা বেলেগ ই কোনো নাগৰিক পঞ্জীয়নকৰন নহয়।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU launched Mass Convention at Jubilee Ground in Digboi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com