Begin typing your search above and press return to search.

অসম চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি কুমাৰ সঞ্জয় কৃষ্ণক

অসম চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি কুমাৰ সঞ্জয় কৃষ্ণক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2019 8:03 AM GMT

অসম চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি কুমাৰ সঞ্জয় কৃষ্ণক । মঙ্গলবাৰে অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হয় কুমাৰ সঞ্জয় কৃষ্ণক। বৰ্তমান ৰাজ্য চৰকাৰৰ মুখ্য সচিব হিচাপে কৰ্মৰত আলোক কুমাৰৰ পৰা দ্বায়িত্বভাৰ গ্ৰহন কৰিব কুমাৰ সঞ্জয় কৃষ্ণই। উল্লেখযোগ্য যে অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব কুমাৰ সঞ্জয় কৃষ্ণই। আই এ এছ কুমাৰ সঞ্জয় কৃষ্ণই নিজৰ প্ৰথম কায্যকালৰ ১৯৮৫ চনত নিযুক্ত হৈছিল যোৰহাট জিলাত। পিছত তেওঁ মহকুমাধিপতি হিচাপে নিযুক্ত হৈছিল মৰিগাঁও ত। পিছত তেওঁ উপায়ুক্ত হিচাপে কৰ্মৰত আছিল শোণিতপুৰ আৰু কামৰূপ জিলাত। উল্লেখ্য যে কুমাৰ সঞ্জয় কৃষ্ণ অবিভক্ত কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত আছিল।তাৰ পিছত তেওঁ অসম চাহ নিগমৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্ত হৈছিল। অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক বিভাগৰ সচিব হিচাপেও কায্যনিৰ্বাহ কৰিছিল। শিক্ষা বিভাগৰ আয়ুক্ত লগতে তেওঁ পৰিকল্পনা আৰু উন্নয়ন বিভাগ অসমৰ প্ৰধান সচিব হিচাপেও কৰ্মৰত আছিল।

প্ৰশাসনিক দক্ষতাৰ ক্ষেত্ৰত বিশেষ নাম থকা কুমাৰ সঞ্জয় কৃষ্ণই প্ৰধানমন্ত্ৰী কাৰ্য্যালয়টো কেইবাবছৰ ধৰি সঞ্চালক হিচাপে কৰ্মৰত আছিল। কুমাৰ সঞ্জয় কৃষ্ণ অসমত কায্যনিৰ্বাহ কৰাৰ সময় চোৱাতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত সঞ্চালক হিচাপে কৰ্মৰত আছিল। ছয় বছৰ ধৰি বিত্ত মন্ত্ৰণালয়টো সহ সচিব হিচাপে কৰ্মৰত আছিল কুমাৰ সঞ্জয় কৃষ্ণ । তাৰোপৰি কৃষি মন্ত্ৰণালয়টো অতিৰিক্ত সচিব হিচাপে সেৱা আগবঢ়াইছিল কুমাৰ সঞ্জয় কৃষ্ণই। শেহতীয়াকৈ কুমাৰ সঞ্জয় কৃষ্ণ গৃহ আৰু ৰাজনৈতিক ,ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে নিযুক্ত আছিল। অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্ত হোৱা বুলি ঘোষণাৰ পিছত কুমাৰ সঞ্জয় কৃষ্ণক বিভিন্ন সংগঠন ,প্ৰতিষ্ঠান ,বিষয়া সকলে শুভ কামনা জ্ঞাপন কৰে। আনফালে অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা (১৯৮৫ শাখা) অসম এডমিনি স্ট্রেটীভ ট্ৰিবোনেল ৰ অধ্যক্ষ ,অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰক যি ১৯৮৫ শাখাৰ ৰাজহ বৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।অন্যহাতে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক অতিৰিক্ত দ্বায়িত্ব দিয়া হৈছে ৰাজহ বিভাগৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ।প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অতিৰিক্ত ভাবে পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ দ্বায়িত্ব দিয়া হৈছে। প্ৰধান সচিব অবিনাশ পুৰুষোত্তম দাস যোশীক পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত দ্বায়িত্ব দিয়া হৈছে। লগতে অবিনাশ পুৰুষোত্তম দাস যোশীক পৰিবেশ আৰু বন বিভাগৰো অতিৰিক্ত দ্বায়িত্ব দিয়া হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমত কা- ৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ প্ৰতিবাদ সাব্যস্ত হৈছে- গোলাম নবী আজাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: An aerial view of the Dibrugarh Protest “Janataar Gorjon” programme, Watch Here

Next Story
চাকৰি