Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ আবেদন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ আবেদন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2019 6:45 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰে। ভাৰতক শৰনাৰ্থীৰ ৰম্যভূমিলৈ পৰিনত হবলৈ দিয়া নহব বুলি প্ৰকাশ কৰে চলিচিটৰ জেনেৰেলে । ৰাজ্যত বানপানীৰ ফলত এন আৰ চিৰ পদ্ধতিত বিলম্ব কৰিছে বুলি প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ পৰবৰ্তী শুনানি গ্ৰহণ কৰিব ২৩ জুলাইত ।

শুনানিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশ দিন পিছুৱাবলৈ অনুৰোধ কৰে । এন আৰ চি পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন হব বুলি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ক ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমানৰ বিচাৰপীঠক চলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ে প্ৰকাশ কৰে যে , যোৱা বছৰ প্ৰকাশ কৰা এন আৰ চিৰ খচৰাত বহুতো অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ।

পুনৰীক্ষণত বাংলাদেশ সীমান্তৰ অসম জিলাৰ লোকৰ নাম ২০ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১০ শতাংশ আন জিলাত বসবাস কৰে। সেয়েহে , ভাৰতক শৰনাৰ্থীৰ ৰম্যভূমিলৈ পৰিগণিত হবলৈ দিব নোৱাৰি বুলি প্ৰকাশ কৰে। লাখ লাখ লোক এন আৰ চিৰ সম্পূৰ্ণ তালিকাক সোমাইছে । বক্ৰ পথেৰে NRC নাম সোমোৱাইছে সেইসকল লোকে। বক্ৰ পথেৰে নাম সোমোৱাসকল অসমৰ সীমান্ত জিলাৰ। কেন্দ্ৰৰ যুক্তি ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ'ব নিদিও। সেয়ে NRC প্ৰকাশৰ সময়সীমা সলনি কৰিব লাগে। উচ্চতম ন্যায়ালয়ত এই আৰ্জি কেন্দ্ৰীয় চৰকাৰৰ। NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাইও বিচাৰিছে চূড়ান্ত NRC প্ৰকাশৰ আন এটা দিন। দাবী আৱেদনৰ শুনানি দীঘলীয়া হৈছে। সেয়ে চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুৱাব লাগে। উচ্চতম ন্যায়ালয়ত এই আৱেদন প্ৰতীক হাজেলাৰ। উল্লেখযোগ্য যে এনআৰচিৰ সময়সীমা বৃদ্ধিক লৈ ২৩জুলাইত হ’ব পৰৱৰ্তী শুনানি অনুষ্ঠিত হব ।

৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । ২০১৮ চনত ৩.২৯ কোটি লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল । সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিছে কৰাৰ পূৰ্বে লোক সকলে নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব ।অভিযোগ আৰু আবেদনৰ প্ৰক্ৰিয়া চলি আছে। ৩৬.২ লোকে আবেদন কৰিছে যত ইতিমধ্যে ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।প্ৰকাশ পালে NRCৰ অতিৰিক্ত কৰ্তন খচৰা। তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম।

অন্য খবৰৰ বাবে পঢ়ক : চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক উপেক্ষা কৰিছে: অসমৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰা

Next Story