Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: আপীল কৰাৰ কাৰণে কেন্দ্ৰৰ সময় সীমা বৃদ্ধি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: আপীল কৰাৰ কাৰণে কেন্দ্ৰৰ সময় সীমা বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2019 7:08 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰাসকলে যাতে অন্তভূক্তিৰ বাবে আবেদন জনোৱাৰ কাৰণে যাৱতীয় সময় লাভ কৰে,তাৰ কাৰণে নাগৰিকত্ব বিধি সংশোধন কৰি আৱেদনৰ সময় ৬০ দিনৰ পৰিৱৰ্তে ১২০ দিনলৈ বৃদ্ধি কৰা হৈছে ৷ এন আৰ চিৰ পৰা কোনো ব্যক্তিৰ নাম উল্লেখ নাথাকিলেও সেই ব্যক্তিক বিদেশী আখ্যা দিব নোৱাৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মুখ্য সচিব আলোক কুমাৰকে ধৰি গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ এখন বৈঠকত বিদেশী ন্যায়াধীকৰণত আৱেদন জনোৱা সম্পৰ্কীয় কথা উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷অন্তিম এন আৰ চি প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন ৷

এই সময়তে অসমৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে পৰ্যালোচনা মিলিত হোৱাৰ পাছত অসম চৰকাৰে বিচৰা মতে নিৰাপত্তা বাহিনীৰ কোম্পানী প্ৰেৰণ কৰাৰ কৰা উল্লেখ কৰে ৷ তথ্য অনুসৰি যোৱা কেই সপ্তাহ ধৰি ৰাজ্য চৰকাৰৰ সৈতে নাগৰিক পঞ্জীক লৈ বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত কৰিছে।

আনহাতে ৩১ আগষ্টত নাগৰিক পঞ্জী প্ৰকাশৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিত সৃষ্টি নহয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা লোৱা হৈছে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৩১ আগষ্টত নাগৰিকপঞ্জী প্ৰকাশ পাব যদিও নাগৰিক পঞ্জীক কাম কাজক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইফালে বৈঠক খনত অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক আইনী সহায়তা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

ৰাজ্য চৰকাৰে ১৪ খন জিলাত সংবেদনশীল হিচাপে চিনাক্ত কৰিছে ৷ আৰু অতিৰিক্ত চিএপিএফ কৰ্মীক গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছে ৷ বৰাক, নামনি অসম আৰু মধ্য অসমত সংবেদনশীল জিলা আছে ৷ ৰাজ্যত প্ৰায় ৩০০ আৰক্ষী থানাই ২৫০০ এনআৰচি সেৱা কেন্দ্ৰত সুৰক্ষা কটকটীয়া কৰি তুলিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মতে চিএপিএফৰ ১৪৫ টা অতিৰিক্ত দল নিয়োগ কৰিছে ৷ইয়াৰে ৯০ টা কম্পনী এনআৰচিৰ কাৰণে নিয়োগ কৰা হৈছে ৷

ইয়াৰে ৫৫ টা কম্পনীয়ে ৰাজ্যৰ আইন কানুন ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ আৱশ্যক হ’ব ৷ ইফালে বৰ্তমান অসমত ১৬৪ টা চিএপিএফ কম্পনী আছে ৷ আনহাতে চিএপিএফ কম্পনীৰ সংখ্যা ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ সময়ত বহুত আছিল ৷সেই সময়ত চিএপিএফৰ সংখ্যা আছিল ২০৯ টা ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মন্তব্য যে ২০১৮ চনৰ ৩০ জুলাইত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ আৰু সাম্প্ৰতিক সময়তো চৰকাৰে এনআৰচিৰ কাৰণে সুৰক্ষা কটকটীয়া ব্যৱস্থা কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: উচ্চতম ন্যায়ালয়ৰ ৰায়ক অমান্য কৰাৰ অভিযোগ কংগ্ৰেছৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Husband Kills Lakhimpur Man in Arunachal over alleged affair with his Wife

Next Story
চাকৰি