Begin typing your search above and press return to search.

এন আৰ চি অসম: শুনানিৰ প্ৰক্ৰিয়াত অনুপস্থিত সকললৈ নতুন তাৰিখ ধাৰ্য

এন আৰ চি অসম: শুনানিৰ  প্ৰক্ৰিয়াত অনুপস্থিত সকললৈ নতুন তাৰিখ ধাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Aug 2019 7:29 AM GMT

সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণৰ শুনানি । সোমবাৰৰ পৰা বুধবাৰলৈকে চলিব পুনৰীক্ষণৰ শুনানি পক্ৰিয়া । ইতিমধ্যে জাননী জাৰি কৰা হৈছে । আনহাতে কামৰূপ জিলাৰ সোনতলীৰ পৰা এন আৰ চিৰ শুনানিৰ বাবে গোলাঘাটৰ বাদুলিপাৰলৈ যাত্ৰা কৰা বাছ খানাপাৰাত দুৰ্ঘটনাত পতিত হয় । এই লোক সকলে এন আৰ চিৰ শুনানিৰ পক্ৰিয়াত উপস্থিত থাকিব নোৱাৰে। এক বৃহৎ সংখ্যক নামনি অসম জিলাৰ লোকে উজনি অসমত শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লগা হৈছে । সোমবাৰে ইয়াৰ জাননী প্ৰেৰণ কৰা হৈছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, কোনো প্ৰকৃত কাৰণত যি সকলে শুনানিত অংশগ্ৰহন কৰিব পৰা নাছিল তেওঁলোকক পুনৰ নতুন তাৰিখ দিয়া হব । ৩ দিনিয়া শুনানিত, কেন্দ্ৰ সমুহত কেইখনমানহে আবেদন গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ।

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই। ৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত ।উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে । কেন্দ্ৰ আৰু এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই উচ্চতম ন্যায়ালয়ত এন আৰ চি ৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল ।৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে । সম্পূৰ্ণ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ২ লাখ লোকক বিৰুদ্ধে আবেদন কৰাৰ হৈছিল ।২ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰিছিল।পুনৰীক্ষণত বাংলাদেশ সীমান্তৰ অসম জিলাৰ লোকৰ নাম ২০ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১০ শতাংশ আন জিলাত বসবাস কৰে। কেন্দ্ৰৰ যুক্তি ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ’ব নিদিও। সেয়ে NRC প্ৰকাশৰ সময়সীমা সলনি কৰিব লাগে। উচ্চতম ন্যায়ালয়ত এই আৰ্জি কেন্দ্ৰীয় চৰকাৰৰ। NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাইও বিচাৰিছে চূড়ান্ত NRC প্ৰকাশৰ আন এটা দিন। দাবী আৱেদনৰ শুনানি দীঘলীয়া হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : শাসক দলৰ বিধায়কে এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে

Next Story
চাকৰি