এন আৰ চি অসম: পুনৰীক্ষণৰ শুনানি অব্যাহত আছে

এন আৰ চি অসম: পুনৰীক্ষণৰ শুনানি অব্যাহত আছে
Published on

এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ ২০ দিন বাকী থাকোতে এন আৰ চিৰ কতৃপক্ষ ব্যস্ত পুনৰীক্ষণত । এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশৰ বাবে তৎপৰ হৈ পৰিছে । পুনৰ ৩ দিনৰ বাবে পুনৰীক্ষণৰ বাবে তাৰিখ দিছে আৰু শুনানি গ্ৰহণ কৰি থকা হৈছে । বুধবাৰে শুনানি সমাপ্ত হব।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, কোনো প্ৰকৃত কাৰণত যি সকলে শুনানিত অংশগ্ৰহন কৰিব পৰা নাছিল তেওঁলোকক পুনৰ নতুন তাৰিখ দিয়া হব । ৩ দিনিয়া শুনানিত, কেন্দ্ৰ সমুহত কেইখনমানহে আবেদন গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ।উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই। ৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত ।উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে । কেন্দ্ৰ আৰু এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই উচ্চতম ন্যায়ালয়ত এন আৰ চি ৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল ।৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে । সম্পূৰ্ণ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ২ লাখ লোকক বিৰুদ্ধে আবেদন কৰাৰ হৈছিল ।২ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰিছিল।পুনৰীক্ষণত বাংলাদেশ সীমান্তৰ অসম জিলাৰ লোকৰ নাম ২০ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১০ শতাংশ আন জিলাত বসবাস কৰে। কেন্দ্ৰৰ যুক্তি ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ’ব নিদিও। সেয়ে NRC প্ৰকাশৰ সময়সীমা সলনি কৰিব লাগে। উচ্চতম ন্যায়ালয়ত এই আৰ্জি কেন্দ্ৰীয় চৰকাৰৰ। NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাইও বিচাৰিছে চূড়ান্ত NRC প্ৰকাশৰ আন এটা দিন। দাবী আৱেদনৰ শুনানি দীঘলীয়া হৈছে।

৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে । সম্পূৰ্ণ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ২ লাখ লোকক বিৰুদ্ধে আবেদন কৰাৰ হৈছিল । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰিছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক:Two Gambling Rackets busted by MLA Shiladitya Dev in Hojai

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com