Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসম: আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসম: আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 6:17 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নমুনা পুনৰীক্ষণ আৰু প্ৰকাশৰ চুৰান্ত দিন পিছুৱাৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । আজি এই গুৰুত্বপূৰ্ণ বিষয়ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে । আনহাতে ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগে এন আৰ চিৰ তথ্যৰ ভিত্তিত বায়মেট্ৰিক এনৰোলমেন্টৰ জমা গোচৰ সমূহৰ সময় সীমা বৃদ্ধি কৰিছে আৰু জিলা উপায়ুক্তক ৩১ জুলাইৰ পূৰ্বে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে । বিভাগে পূৰ্বে ১৫ জুলাইৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল । সম্পূৰ্ণ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ২ লাখ লোকক বিৰুদ্ধে আবেদন কৰাৰ হৈছিল ।২৩ জুলাইৰ বিয়লি ৩ বজাত শুনানি গ্ৰহণ কৰিব ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰিছিল। ভাৰতক শৰনাৰ্থীৰ ৰম্যভূমিলৈ পৰিনত হবলৈ দিয়া নহব বুলি প্ৰকাশ কৰে চলিচিটৰ জেনেৰেলে । ৰাজ্যত বানপানীৰ ফলত এন আৰ চিৰ পদ্ধতিত বিলম্ব কৰিছে বুলি প্ৰকাশ কৰিছিল। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমানৰ বিচাৰপীঠক চলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ে প্ৰকাশ কৰিছিল যে , যোৱা বছৰ প্ৰকাশ কৰা এন আৰ চিৰ খচৰাত বহুতো অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ।

পুনৰীক্ষণত বাংলাদেশ সীমান্তৰ অসম জিলাৰ লোকৰ নাম ২০ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১০ শতাংশ আন জিলাত বসবাস কৰে। সেয়েহে , ভাৰতক শৰনাৰ্থীৰ ৰম্যভূমিলৈ পৰিগণিত হবলৈ দিব নোৱাৰি বুলি প্ৰকাশ কৰিছিল। লাখ লাখ লোক সেইসকল লোক এন আৰ চিৰ সম্পূৰ্ণ তালিকাক সোমাইছে । বক্ৰ পথেৰে NRC নাম সোমোৱাইছে সেইসকল লোকে। বক্ৰ পথেৰে নাম সোমোৱাসকল অসমৰ সীমান্ত জিলাৰ। কেন্দ্ৰৰ যুক্তি ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ’ব নিদিও। সেয়ে NRC প্ৰকাশৰ সময়সীমা সলনি কৰিব লাগে। উচ্চতম ন্যায়ালয়ত এই আৰ্জি কেন্দ্ৰীয় চৰকাৰৰ। NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাইও বিচাৰিছে চূড়ান্ত NRC প্ৰকাশৰ আন এটা দিন। দাবী আৱেদনৰ শুনানি দীঘলীয়া হৈছে। সেয়ে চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুৱাব লাগে। উচ্চতম ন্যায়ালয়ত এই আৱেদন প্ৰতীক হাজেলাৰ।আজি এই গুৰুত্বপূৰ্ণ বিষয়ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ আবেদন

Next Story
চাকৰি