Begin typing your search above and press return to search.

বহুতো আপত্তিৰ গোচৰ আবেদনকাৰী অনুপস্থিতিৰ বাবে ত্যাগ এন আৰ চি কৰ্তৃপক্ষৰ

বহুতো আপত্তিৰ গোচৰ আবেদনকাৰী অনুপস্থিতিৰ বাবে ত্যাগ এন আৰ চি কৰ্তৃপক্ষৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 7:24 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ মাজত মাত্ৰ ১ মাহ থকাৰ সময়ত প্ৰায় ২ লাখ আপত্তিৰ গোচৰ মীমাংসা কৰিবলৈ বাকী আছে কৰ্তৃপক্ষয়ৰ। বহুতো আপত্তি গোচৰৰ শুনানিৰ সময়ত আবেদনকাৰীৰ অনুপস্থিতিত যথেষ্ট অসুবিধা সৃষ্টি হয় । আপত্তিৰ শুনানিৰ গোচৰ ১৫ জুনত সমাপ্ত হয় ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষয়ে পূৰ্বতে প্ৰকাশ কৰিছিল যে, শুনানিৰ সময়ত উপস্থিত নাথাকিলে গোচৰ পূৰ্বৰ ভিত্তিতে ৰখা হব ।

এনে ধৰণৰ গোচৰ সমূহত , ডিছপজিঙ অফিচাৰে ব্যক্তি গৰাকীৰ বিৰুদ্ধে সামঞ্জস্য থকা নথি পত্ৰ সমূহে নিৰিক্ষন কৰে ।যি সকলে ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে আপত্তি দৰ্শাইছিল । ইয়াৰ পাছতে ডিঅয়ে গোচৰটো চক্ৰ বিষয়া অথবা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে । তাৰ পাছত চক্ৰ বিষয়া অথবা জিলা উপায়ুক্তয়ে ডিছপজিঙ বিষয়াৰ মতামত নিৰিক্ষন কৰে । যদি নিৰ্দেশৰ মতে সকলো খিনি পোৱা যায়, গোচৰটো নিষ্পত্তি কৰা হয় ।

আপত্তি সমূহৰ শুনানিৰ গোচৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষয়ে আবেদনকাৰী আৰু যাৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৈছে তেওঁলোকক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হয় । কিন্তু আপত্তি গোচৰৰ শুনানিৰ সময়ত বহুতো আবেদনকাৰী অনুপস্থিত থাকে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তৰ্ভুক্ত হোৱা লোকৰ সকলৰ লগত যোগাযোগ স্থাপন কৰে ।

ইতিমধ্যে প্ৰকাশ কৰিছে NRCৰ অতিৰিক্ত কৰ্তন খচৰা। তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম। পূৰ্বৰ খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম কৰ্তনেৰে প্ৰকাশ তালিকা। তালিকাত আছে ‘ডি’ ভোটাৰ, বিদেশী ঘোষিতৰ নাম । বিদেশী ন্যায়াধীকৰণত গোচৰ চলা লোকৰো নাম আছে তালিকাত। এই তালিকাত নাই দাবী-আপত্তিৰ শুনানিৰ ফলাফল। তালিকাত নাম সন্নিৱিষ্ট লোকলৈ প্ৰেৰণ কৰা হ’ব জাননী। ১১ জুলাইৰ ভিতৰত NRC সেৱাকেন্দ্ৰত উত্থাপন কৰিব পাৰিব দাবী । চূড়ান্ত NRC প্ৰকাশৰ পূৰ্বে শুনানিযোগে নিষ্পত্তি কৰা হ’ব দাবী। ৩১ জুলাইত প্ৰকাশ পাব চূড়ান্ত NRC।

উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্ধিয়া হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

Next Story
চাকৰি