Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া হীতেন্দ্ৰ নাথ গোস্বামীৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া হীতেন্দ্ৰ নাথ গোস্বামীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2019 4:28 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া হীতেন্দ্ৰ নাথ গোস্বামীৰ ৷৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বহু লোক তথা দল সংগঠনৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ মাজত অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে বহু ত্ৰুটি থাকিলেও ৰাজ্যবাসীয়ে ৩৫ বচৰৰ পিছত এখন এনআৰচি লাভ কৰিলে ৷

এইখন এনআৰচিক সৰোগত কৰি ভৱিষ্যতে৷আগুৱাই যাব পাৰিব। বিধানসভাৰ অধ্যক্ষ গৰাকী মত অনুসৰি ১০০ শতাংশই শুদ্ধ হ’ব বুলি কোনো কথা নাই। বা সম্ভৱো নহয় ।তাৰ মাজতে কোনো ত্ৰুটি থাকিব পাৰে। এনআৰচিতো আছে ৷লগতে এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখৰো অধিক লোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে উপায় বিছাৰি আছো বুলিও মত ব্যক্ত কৰে হীতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়ৰ ওপৰত সাৱধানতাৰে কাম ককিব লাগিব ৷লগতে প্ৰয়োজন হ’লে কেন্দ্ৰীয় চৰকাৰে কাষৰীয়া ৰাজ্যৰ লগত আলোচনা কৰিব লাগিব বুলিও কয় অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে। অধ্যক্ষ গৰাকীয়ে লগতে কয় যে অসমৰ লোক সকলৰ সহিষ্ণুতাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমক প্ৰমাণ কৰি দেখুৱালে যে অসমৰ লোকসকলৰ সাহস,ধৈৰ্য্য আছে ৷কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমৰ লোকসকলক গম্ভীৰ ৰূপত উপস্থাপন কৰিছিল ।

এনআৰচি প্ৰকাশৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত নোহোৱাটো ৰাজ্যৰবাসীৰ সহিষ্ণুতাৰ প্ৰমাণ ৷ইফালে হীতেন্দ্ৰ নাথ গোস্বামীৰ ভাতৃ তথা বৈজ্ঞানিক জীতেন্দ্ৰ নাথ গোস্বামীৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে গুজৰাটৰ নিবাসী জীতেন্দ্ৰ নাথ গোস্বামীয়ে নিজৰ নাম এনআৰচিত অন্তভূৰ্তি কৰাৰ বিশেষ কাৰণত সিদ্ধান্ত ন’ললে ৷ কিন্তু স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে জীতেন্দ্ৰ নাথ গোস্বামীৰ নাম এনআৰচিত নাহিলে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংহত তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ’ব

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Video | 58th Teachers' Day observed at Tinsukia and Digboi

Next Story
চাকৰি