Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংহত তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ’ব

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংহত তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ’ব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2019 4:55 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিবিষ্ট নোহোৱা লোকসকলে বিদেশী ন্যায়াধীকৰণত যাৱতীয় কাম সম্পূৰ্ণ কৰাৰ সময় হৈছে ১২০ দিন। ইফালে এনআৰচিক লৈ কোনো ব্যক্তি দল,সংগঠনে সন্তুষ্টি প্ৰকাশ কৰা নাই। চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত ১২০ দিনৰ পিছত আপীল কৰাৰ সন্দৰ্ভত লোক সকলৰ মাজত প্ৰশ্নৰ উদ্বেগ ঘটিছিল।

ইফালে অস্বীকৃত আদেশ দিয়াত বিভাগীয় কৰ্তৃপক্ষৰ দিন লাগিব ৷ কাৰন লোকসকলৰ সকলো প্ৰাথমিক ডাটা নিৰীক্ষণ কৰিব ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

৩৩ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাজ্যৰ ৩৩ জিলাত ২০০ টা নতুন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আয়ুক্তক সম্প্ৰতি অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ প্ৰস্তুত কৰিবৰ কাৰণে কোৱা হৈছে। ইয়াৰ পূৰ্বতে অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ কেৱল আঠখন জিলাত স্থাপন কৰা হ’ব বুলি কোৱা হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক:আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক:Sensation at Meghdoot Bhawan in Guwahati

Next Story
চাকৰি