আজিৰে পৰা ৰাষ্ট্ৰীয় নাগৰিক সমকালীনভাৱে দাবী আৰু শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ

আজিৰে পৰা ৰাষ্ট্ৰীয় নাগৰিক সমকালীনভাৱে দাবী আৰু শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ
Published on

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ দাবী আৰু শুনানি গ্ৰহণ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ’ব ৷২০১৮ বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা অযোগ্য লোকৰ নাম নিৰীক্ষণৰ পিছত এন আৰ চি কৰ্তৃপক্ষই ২৬ জুনত এখন অতিৰিক্ত তালিকা প্ৰকাশ কৰিছিল ৷ এই অতিৰিক্ত খচৰাত ১,০২,৪৬২ জন লোকৰ নাম কৰ্তন হৈছিল ৷

ইফলে নিষ্পত্তিকাৰী বিষয়াই দাবীসমূহ গ্ৰহণ কৰাৰ লগে লগে দাবী দাখিল কৰা লোকে দেখুওৱা তথ্য পাতিৰ আধাৰত শুনানিও একেলগে সম্পন্ন কৰা হ’ব । অৱশ্যে নিষ্পত্তিৰ ফল ওলাব মূল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৷ইয়াৰ মাজতে ৰাষ্ট্ৰীয় নৰগৰিক পঞ্জীৰ সকলো বিষয়কে ধৰি যাৱতীয় দিশক উপায়ুক্তৰ,চাৰ্কল বিষয়া, আদি বিষয়াই নিৰীক্ষণ কৰিব ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষয়ে পূৰ্বতে প্ৰকাশ কৰিছিল যে, শুনানিৰ সময়ত উপস্থিত নাথাকিলে গোচৰ পূৰ্বৰ ভিত্তিতে ৰখা হব ।

এনে ধৰণৰ গোচৰ সমূহত , ডিছপজিঙ অফিচাৰে ব্যক্তি গৰাকীৰ বিৰুদ্ধে সামঞ্জস্য থকা নথি পত্ৰ সমূহে নিৰিক্ষন কৰে ।যি সকলে ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে আপত্তি দৰ্শাইছিল । ইয়াৰ পাছতে ডিঅয়ে গোচৰটো চক্ৰ বিষয়া অথবা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে । তাৰ পাছত চক্ৰ বিষয়া অথবা জিলা উপায়ুক্তয়ে ডিছপজিঙ বিষয়াৰ মতামত নিৰিক্ষন কৰে । যদি নিৰ্দেশৰ মতে সকলো খিনি পোৱা যায়, গোচৰটো নিষ্পত্তি কৰা হয় ।

আপত্তি সমূহৰ শুনানিৰ গোচৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষয়ে আবেদনকাৰী আৰু যাৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৈছে তেওঁলোকক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হয় । কিন্তু আপত্তি গোচৰৰ শুনানিৰ সময়ত বহুতো আবেদনকাৰী অনুপস্থিত থাকে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তৰ্ভুক্ত হোৱা লোকৰ সকলৰ লগত যোগাযোগ স্থাপন কৰে ।

উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com