এন আৰ চি : সন্ধানহীন লোকসকলক সন্দেহজনক ভোটাৰ বুলি চিহ্নিত

অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা মতে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ যিসকল লোক যোগ্য নহয় সেই সকলক সন্দেহজনক নাগৰিক বুলি চিনাক্ত কৰা হব । ৩১ আগষ্টত প্ৰকাশ পাব এন আৰ চি চুৰান্ত খচৰা।
৩১ আগষ্টৰ পিছত এন আৰ চিত অন্তভূক্ত নোহোৱা লোকসকলক ডি ভোটাৰ বুলি চিনাক্ত কৰা হব। ডি ভোটাৰ সকলৰ নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ নাথাকিব । ১৯৯৭ চনত ভাৰতৰ নিৰ্বাচনী আয়োগে এই নীতি আৰম্ভ কৰিছিল আৰু সেই সময়ত ডি ভোটাৰ সংখ্যা ২,২০,২০৯ আছিল । উল্লেখযোগ্য যে , ভাৰতৰ কেবল অসমত ডি ভোটাৰৰ নিয়ম আছে । বৰ্তমান অসমত ১.১৩ লাখ ডি ভোটাৰ আছে ।
এন আৰ চিৰ তালিকাত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সকলক ব্যক্তিগত ভাৱে বিবেচনা কৰা হৈছে । লগতে ব্যক্তিগত ভাৱে বিদেশী ন্যায়াধীশকৰনৰ লগত যোগাযোগ কৰিব পাৰে লোকসকলে । যদি বিদেশী ন্যায়াধীশকৰনত গোচৰ ৰুজু কৰা হয় সেই সকলক ডি ভোটাৰ বুলি চিনাক্ত কৰা হয় । এই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰে । যদি বিদেশী ন্যায়াধীশকৰনে এজন ব্যক্তিক ভাৰতীয় বুলি প্ৰকাশ কৰিছে তেনেস্থলত তেওঁৰ বিৰুদ্ধে থকা ডি ভোটাৰ টেগ প্ৰত্যাহাৰ কৰা হব । যদি বিদেশী ন্যায়াধীশকৰনে এজন ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে তেওঁৰ নাম ফটো ইলেক্টৰেল ৰোলৰ পৰা প্ৰত্যাহাৰ কৰা হব ।
উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই। ৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত ।উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে ।
ইতিমধ্যে প্ৰকাশ কৰা হৈছে NRCৰ অতিৰিক্ত কৰ্তন খচৰা। তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম। যোৱা বছৰ প্ৰকাশ পোৱা খচৰাত ৪০.০৭ লাখ লোকৰ নাম প্ৰকাশ পোৱা নাই । ইয়াৰ ভিতৰত ৩৬.২০ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছে ।
অন্য খবৰৰ বাবে পঢ়ক : এন আৰ চি প্ৰকাশৰ পৰবৰ্তী পৰিস্থিতিৰ বাবে সাজু অসম চৰকাৰ
ভিডিঅ প্ৰতক্ষ্য কৰক: Bipasa Hrangkhawal- the first woman air traffic controller of Tripura