ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছতেই বিভাজন কংগ্ৰেছত

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছতেই বিভাজন কংগ্ৰেছত

চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পিছত বিভাজন হৈছে কংগ্ৰেছৰ ভিতৰচ’ৰাত। এনআৰচিৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য যে যদি দলে এনআৰচিৰ সন্দৰ্ভত কোনো পদক্ষেপ হাতত নলয় ৷তেন্তে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিব। লগতে তৰুণ গগৈয়ে এনআৰচিক এখন অসাধাৰণ কাগজ বুলিও ব্যক্ত কৰে ৷

দ্বিতীয়তে দলটোৰ অন্য নেতাসকলে এনআৰচিক অস্বীকাৰ কৰা নাই। তেওঁলোকে প্ৰকৃত ভাৰতীয় সকলক সহায় কৰিবলৈ সাজু আছে। যিসকলক এনআৰচিত বিদেশী বুলি চিহ্নিত কৰিছে ।কিছু দিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এনআৰচি সমীক্ষাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। তেওঁ মন্তব্য কৰিছিল যে এনআৰচিৰ পৰা হিন্দু বাঙালী,গোৰ্খা,কোচ ৰাজবংশী,স্বদেশী মুছলমানসকল বাদ পৰিছে।

আৰু গগৈয়ে এই সন্দৰ্ভত প্ৰথমতেই শীৰ্ষ আদালতল এখন পত্ৰ প্ৰেৰণ কৰিছে ৷কিন্তু কংগ্ৰেছৰ বিধায়িনী দলৰ মুখ্য নেতা দেবব্ৰত শইকীয়াই কয় যে এনআৰচিৰ সন্দৰ্ভত তৰণ গগৈৰ মন্তব্য ব্যক্তিগত ৷আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এনআৰচিৰ পৰা বাদ পৰা লোকসকলক সহায় কৰিম। ইয়াৰ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দেবব্ৰত শইকীয়াৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চিএলপি নেতাগৰাকীৰ ভাষ্যই ব্যক্তিগত নেকি? যদি এনআৰচিৰ কাৰণে দলে কোনো পদক্ষেপ নলয় তেন্তে মই অকলেই ইয়াৰ বিৰোধিতা কৰিম ৷এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈৰ ৷

এনআৰচি প্ৰকাশৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স্থিতি কি? এনআৰচি প্ৰকাশৰ পিছত চৰকাৰে কৈছে যে এনআৰচিৰ সন্দৰ্ভে তেওঁলোকে একো নাজানে ৷এইয়া কেনেকৈ সম্ভৱ ৷মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া দিছে দিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কোনো প্ৰতিক্ৰিয়া দিয়া নাই। কাৰণ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোনোৱালৰ স্থিতি আৱশ্যকীয় ৷এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com