Begin typing your search above and press return to search.

প্ৰসংগ: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী:উজনি অসমত অনুষ্ঠিত বৈঠক

প্ৰসংগ: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী:উজনি অসমত অনুষ্ঠিত বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 July 2019 8:38 AM GMT

ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত শান্তি সম্প্ৰীতিৰে যাৱতীয় কাৰ্য আগবঢ়াই নিবলৈ দিছপুৰে কঁকালত টঙালী বান্ধিছে। লগতে সম্প্ৰতি ছ’চিয়েল মিডিয়া সম্পূৰ্ণ প্ৰশাসনৰ কেন্দ্ৰ বিন্দু হৈ আছে ৷ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দুদিনীয়া কাৰ্যসূচীৰে উজনি অসম ভ্ৰমণৰ সময়ত উপায়ুক্ত,আৰক্ষী বিষয়া আৰু বিভিন্ন সংগঠনৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ডিজিপি ভাস্কৰজ্যোতি মহন্ত,এডিজিপি মুকেশ আগৰৱাল আৰু অন্য শীৰ্ষ বিষয়াসকলে ভাগ লৈছিল ৷

যোৰহাট জিলাৰ প্ৰশাসনৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ লগতে ১৯ টা ছাত্ৰ সংগঠনৰ লগত বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত এন আৰ চিৰ সন্দৰ্ভত সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে সকলোৰে সহযোগিতা বিছাৰে। দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত কুমাৰ সঞ্জয় কৃষ্ণই কয় যে আমি জিলা প্ৰশাসনক সতৰ্কতা অৱলম্বণ কৰিবলৈ কৈছো ৷

লগতে ছ’চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কৈছো ৷১৮-২৫ বছৰীয়া কিছুসংখ্যক যুৱকে কিছুমান সমাজবিৰোধী প’ষ্ট দিয়ে ৷ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰথমৰ পৰাই কিছুমান ছ’চিয়েল মিডিয়াৰ প’ষ্টৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। উজনি অসমত বিভিন্ন ছাত্ৰ সংগঠনৰ এন আৰ চিৰ ক্ষেত্ৰত শান্তি বৰ্তাই ৰাখিবৰ কাৰণে সহযোগিতা বিছৰা হৈছে ৷

কুমাৰ সঞ্জয় কৃষ্ণই লগতে যিসকলৰ লোকৰ নাম অন্তিম এন আৰ চিত নাম অন্তভুক্ত নহ’ল সেইসকলৰ সন্দৰ্ভত মন্তব্য দিয়ে ৷ আৰু ৩১ জুলাইলৈকে সকলো জিলাত এনেধৰণৰ বৈঠক অনুষ্ঠিত হ’ব ৷ইয়াৰ মাজতে কুমাৰ সঞ্জয় কৃষ্ণই বানাক্ৰান্ত লোকসকলৰ সমীক্ষা কৰে। লগতে তেওঁলোকে সাম্প্ৰতিক পৰিস্থিতিৰ খবৰ লয়। লগতে পৰ্যাপ্ত সামগ্ৰীৰ লগতে শিবিৰ সমূহত অন্যান্য সা সুবিধা উপলব্ধ হৈছে নে নাই তাৰ সমীক্ষা কৰে অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷

ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ২০১৮ বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত সূচীত ২.৯ কোটি লোকৰ নাম সন্নিবিষ্ট কৰা হৈছিল ৷আবেদন কৰিছিল ৩.২৯ কোটি লোকে । এন আৰ চিৰ সূচিৰ পৰা বাদ পৰিল ৪৪ লাখ লোকৰ নাম। অসমত এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে। ৩১ জুলাইত এন আৰ চি ৰ অন্তিম সূচী প্ৰকাশ পাব ৷

ইতিমধ্যে প্ৰকাশ পোৱা তালিকা খনত যিসকল লোকে পুনৰ আবেদন কৰিছিল , সেই সমূহ দাবী-আপত্তিৰ শুনানিৰ ফলাফল সমূহ সন্নিবিষ্ট নকৰে।উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্নিবিষ্ট হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ দেশৰ পৰা বহিস্কাৰ কৰা হ’ব অবৈধ লোক

Next Story
চাকৰি