Begin typing your search above and press return to search.

ওড়িছাত অসমৰ চাহৰ উত্তৰণ-বজাৰ দিয়াৰ পদক্ষেপ ভাৰতীয় চাহ ব’ৰ্ডৰ

ওড়িছাত অসমৰ চাহৰ উত্তৰণ-বজাৰ দিয়াৰ পদক্ষেপ ভাৰতীয় চাহ ব’ৰ্ডৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2020 8:57 AM GMT

ওড়িছাত অসমৰ চাহৰ উত্তৰণ-বজাৰ দিয়াৰ পদক্ষেপ ভাৰতীয় চাহ ব’ৰ্ডৰ

ৰাজ্যৰ চাহ উদ্যোগী তথা চাহ খেতিয়কসকললৈ সুখবৰ ! ওড়িছাত অসমৰ চাহক এখন বজাৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় চাহ ব’ৰ্ডে। ইয়াৰ প্ৰতি সঁহাৰি আগবঢাই ৰাজ্যখনৰ সাংসদ অনুভৱ মহান্তিয়ে ছ’চ্ছেল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমেৰে অসমৰ চাহৰ বিষয়ে প্ৰচাৰ চলাইছে। উল্লেখ্য যে অসমৰ চাহক ওড়িছাত বজাৰ যোগানৰ লক্ষ্যৰে ভাৰতীয় চাহ ব’ৰ্ডে ওড়িছাত প্ৰচাৰ সজাগতামূলক এক কাৰ্যসূচী আৰম্ভ কৰিছে । এই কাৰ্যসূচীলৈ ইতিবাচক সঁহাৰি আগবঢ়াইছে সাংসদ মহান্তিয়ে। ৰাজ্যখনত অসমৰ চাহৰ উত্তৰণ তথা বজাৰ লাভত সহযোগিতা আগবঢ়োৱা সন্দৰ্ভত সাংসদজনে কয় যে তেওঁ ভাৰতীয় চাহ ব’ৰ্ডৰ এই পদক্ষেপৰ উত্তৰণৰ সহযোগী হ’ব বিচাৰে। পুৱা নিয়মীয়া চাহ পান আৰু যোগচৰ্চা কৰিলে ব্যক্তিৰ দেহ-মন সুস্থ-সবল হৈ থাকে বুলি মতপোষণ কৰে সাংসদজনে। ওড়িছাৰ কেন্দ্ৰাপাৰা সমষ্টিৰ সাংসদ মহান্তিয়ে আৰু কয়, "“মই ছ’চ্ছেল মিডিয়াৰ পেজতো অসমৰ চাহক লৈ প্ৰচাৰ চলাইছো। নিয়মীয়াকৈ চাহ পান কৰক আৰু যোগচৰ্চাৰে সুস্থ-সবল স্বাস্থ্য গঢ়ক”।

উল্লেখ্য যে শেহতীয়াভাবে অসমৰ চাহ উদ্যোগ জটিল প্ৰত্যাহ্বান তথা সংকটৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অলপতে অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাহ উদ্যোগৰ বাবে লোৱা কেতবোৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। লগতে চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবেও কেতবোৰ পদক্ষেপ লোৱা বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আনহাতে, অসম প্ৰদেশ কংগ্ৰেছে চাহ উদ্যোগৰ বিভিন্ন কাম-কাজ চোৱাচিতা তথা তদাৰকীৰ উদ্দেশ্য এটা সুকীয়া কেন্দ্ৰীয় মন্ত্ৰ্যালয় গঠনৰ দাবী উত্থাপন কৰিছে। অলপতে এখন সংবাদমেলত এই দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভগীৰথ কৰণে।

ওড়িছাত ভাৰতীয় চাহ ব’ৰ্ডে আৰম্ভ কৰা এই কাৰ্যসূচী দেওবাৰে মুকলি কৰি সাংসদ মহান্তিয়ে কয় যে নিয়মীয়াকৈ অসমত উত্পাদিত বিশুদ্ধ চাহ পানৰ অভ্যাস গঢ়ি তুলিলে মধুমেহ, কৰ্কট, কলেষ্টেৰল আদি বহু জটিল ৰোগৰ পৰা হাত সাৰিব পাৰি। নিজে ১৭ বছৰ বয়সতে মধুমেহত আক্ৰান্ত হয় বুলি উল্লেখ কৰি সাংসদজনে লগতে কয় যে নিয়মীয়াকৈ চাহপানৰ অভ্যাস গঢ়ি তোলাৰ বাবে তেওঁ জীৱিত তথা সুস্থ-সবল হৈ থাকিবলৈ সক্ষম হৈছে। সম্প্ৰতি তেওঁৰ বয়স ৩৮ বছৰ। তেওঁ সকলোকে অসমৰ চাহক লৈ গ্ৰহণ কৰা এই কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনায়। ভাৰতীয় চাহ ব’ৰ্ডে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ আধাৰত ওড়িছাৰ কটক, ভুৱনেশ্বৰ আদিত অসমৰ চাহক লৈ ব্যাপক প্ৰচাৰ চলোৱা হ’ব। ইয়াৰ অংশৰূপে শ্বপিং মল, কলেজ বিশ্ববিদ্যালয় আদিত মোবাইল ভানেৰে অসমৰ চাহ সম্পৰ্কে প্ৰচাৰ চলোৱা হ’ব।

অন্য খবৰৰ বাবে পঢ়ক: মাথোঁ এবছৰত অসম আৰক্ষীৰ বিৰুদ্ধে ২৮৮টা ৰাজহুৱা অভিযোগ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fans of Zubeen Garg prays for his early recovery in Gohpur, Watch here

Next Story
চাকৰি