মহানগৰীত যান বাহন ব্যৱস্থাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া যান বাহন আৰক্ষীৰ

মহানগৰীত যান বাহন ব্যৱস্থাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া যান বাহন আৰক্ষীৰ

মহানগৰীৰ ব্যস্ত ৰাজপথত সততে যান বাহন আৰক্ষীসমূহক নিজৰ কৰ্তব্য কৰি থকা দেখিবলৈ পোৱা যায় ।ৰ’দ বৰষুণ যিয়েই নহওঁক লাগিলে যান বাহন আৰক্ষীয়ে কৰ্তব্য পালন কৰে। কিন্তু তেওঁলোকে মহানগৰীত কোনো ধৰণৰ ট্ৰেফিক ষ্টেণ্ডৰ অবিহনে কাম কৰি আছে। দ্য চেন্টিনেলৰ সৈতে মত বিনিময় কৰি এজন ট্ৰেফিক আৰক্ষীয়ে কয় যে আমাক উচিত ট্ৰেফিক ষ্টেণ্ডৰ আৱশ্যক ৷

আমি চৰকাৰৰ দ্বাৰা নিযুক্ত কৰ্মচৰী। আমি আনৰ দৰে আমাৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে প্ৰতিবাদ কৰিব নোৱাৰো ৷ প্ৰবল বৃষ্টি পাত বা প্ৰচণ্ড গৰমত আমি কৰ্তব্য পালন কৰোঁ ৷এই সন্দৰ্ভত উচিত ব্যৱস্থাৰ আৱশ্যক। লগতে যান বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীজনে কয় যে আপুনি মন কৰিব যে,সদা ব্যস্ত ৰাজপথ গুৱাহাটী ক্লাবৰ ওচৰত হোৱা প্ৰচণ্ড যান বাহন সমস্যাক নিয়ন্ত্ৰণৰ কাৰণে প্ৰায় চাৰিগৰাকী কৰ্মীৰ আৱশ্যক ৷কিন্তু সেই ঠাইত এনেধৰণৰ কোনো সুবিধা নাই।

ট্ৰেফিক ব্যৱস্থাৰ কাৰণে বৰষূণ আহিলে যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ।উদাহৰণ স্বৰূপে লেম্ব ৰোডত যেতিয়া বৰষূণ আহে তেতিয়া যথেষ্ঠ অসুবিধাৰ সৃষ্টি হয়। অন্য এগৰাকী যান বাহন কৰ্মীয়ে কয় যে আমি পুৱা সাত বজাৰ পৰা দুপৰীয়া ২ বজালৈকে কাম কৰোঁ ৷লগতে কিছুমানে দুপৰীয়া ২ বজাৰ পৰা নিশা ১০ বজালৈকে কাম কৰে। তথাপিও আমি আমাৰ কৰ্তব্য কৰাত কোনো অসুবিধা নাই ৷

কিন্তু যেতিয়া বৰষুণ আহে তেতিয়া আমাৰ অসুবিধা হয় । গতিকে আমি অলপ সুবিধা বিচাৰোঁ ৷ উল্লেখ্য যে মহানগৰীৰ বানৰ প্ৰসংগ সকলোৰে জ্ঞাত ৷ যেতিয়া মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয় তেতিয়া সকলোৰে মাজত যি পৰিস্থিতিৰ সৃষ্টি হয় ৷সেয়া সেই মহানগৰীত বানৰ সন্মুখীন হোৱা সকলে বুজি পায়। গতিকে ৰ’দ বৰষূণক অৱজ্ঞা কৰি যান বাহন নিয়ন্ত্ৰণ কৰা সেই আৰক্ষীসকলৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব গুৰুত্ব পূৰ্ণ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Tea garden owners asked to pay Puja bonus upto 20% by Sep 20

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com