Begin typing your search above and press return to search.

বিষয়াৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত দিছপুৰে কিছুমান নিৰ্দেশনা প্ৰয়োগ কৰিছে

বিষয়াৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত দিছপুৰে কিছুমান নিৰ্দেশনা প্ৰয়োগ কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2019 8:37 AM GMT

বিষয়া সকলৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত ৰাজ্যিক বিত্ত বিভাগে কিছু নিৰ্দেশনা প্ৰয়োগ কৰিছে । বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত মুখ্য সচিবৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছে ।

এই কমিটি খনে বিষয়া সকলৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত অনুমোদন জনাবলৈ কিছু নীতি -নিৰ্দেশনা প্ৰয়োগ কৰিছে । কিছুসংখ্যক বিষয়াৰ বিদেশ ভ্ৰমণ অপৰিহাৰ্য কিন্তু কিছু সংখ্যকৰ বাবে অপ্ৰয়োজনীয় । আনহাতে কমিটি খনে বিষয়া সকলক এইটো উপদেশ দিছে যে বিদেশ ভ্ৰমণৰ পৰিবৰ্তে ভিডিঅ কনফৰেন্স, পত্ৰ আদান-প্ৰদান আৰু অন্যান্য পদ্ধতিৰে কাম সমূহ সম্পন্ন কৰিবলৈ। লগতে প্ৰকাশ কৰে যে, বিভাগে অতি গুৰুত্বপূৰ্ণ কামতহে বিদেশ ভ্ৰমণৰ অনুমতি প্ৰদান কৰিব লাগে ।

এনে বিদেশ ভ্ৰমণ সমূহৰ বাবে যথেষ্ট বিভাগত প্ৰভাৱ পৰে । সেয়েহে এই কমিটি খন গঠন কৰি দিয়া হৈছে । যাতে অনৰ্থক বিদেশ বিদেশ ভ্ৰমণ কৰিব বিভাগৰ কাম কাজত প্ৰভাৱ নেপেলাই। লগতে এই কমিটি খনে বিভিন্ন বিষয় সমূহৰ ওপৰত দৃষ্টি ৰাখিব বুলি প্ৰকাশ কৰে । বিভিন্ন বিভাগ যেনে কৃষিক্ষেত্ৰ, উদ্যানতত্ত্ব, আধুনিক প্ৰযুক্তি ইত্যাদিৰ ক্ষেত্ৰত যাতে সুবিধা সমূহ অসমত প্ৰয়োগ কৰিব পাৰে তাৰ ওপৰতো লক্ষ্য কৰিব । বিদেশ ভ্ৰমণকাৰী কৰ্মকৰ্তাদ্বাৰা এই ৰূপায়ণৰ জন্য ৰিপোৰ্ট কাৰ্ড শূণ্য থাকে ।

সেয়েহে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত মুখ্য সচিবৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছে । এই কমিটি খনে বিষয়া সকলৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত অনুমোদন জনাবলৈ কিছু নীতি -নিৰ্দেশনা প্ৰয়োগ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বিত্ত বিভাগে ধন মুকলি কৰি দিয়াৰ নিৰ্দেশনা কঠোৰ ভাৱে অনুসৰণ কৰিব

ভিডিঅ প্ৰতক্ষ্য কৰক: Minister Keshab Mahanta visits Jhanjimukh flood-affected areas

Next Story
চাকৰি