ৰাজ্যিক বিত্ত বিভাগে ধন মুকলি কৰি দিয়াৰ নিৰ্দেশনা কঠোৰ ভাৱে অনুসৰণ কৰিব

ৰাজ্যিক বিত্ত বিভাগে ধন মুকলি কৰি দিয়াৰ নিৰ্দেশনা কঠোৰ ভাৱে অনুসৰণ কৰিব

বিভিন্ন অঞ্চল উন্নয়নৰ বাবে ২০১৯-২০ বিত্তীয় বৰ্ষৰ ধন মুকলি কৰি দিবৰ বাবে প্ৰকাশ কৰা নিৰ্দেশনা সমূহ কঠোৰ ভাৱে অনুসৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বিত্ত বিভাগে । বৰ্তমানৰ পৰা বিত্তীয় ধন মুকলি কৰি দিবলৈ কঠোৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব । ২০১৮-১৯ চনৰ ইউ চিৰ ৭০ % আৰু ২০১৭-১৮ চনৰ ইউ চি ১০০ % ব্যবহাৰ হোৱাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিত্ত বিভাগে প্ৰকাশ কৰা মতে, বিভিন্ন সময়ত ইউ চিয়ে বিভাগক তথ্য জমা নিদিয়ে । তথ্য মতে, ইউ চি ( utilisation certificate)য়ে পূৰ্বৰ দুটা বছৰ ২০১৬-১৭ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰায় ১০ টা বিধানসভা সমষ্টিয়ে বিত্ত বিভাগক তথ্য দাখিল কৰা নাছিল । উল্লেখযোগ্য যে, MLALADF ৰ অধিনত প্ৰত্যেক বছৰে প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে ১ কোটি অনুমোদন জনোৱা হয় ।

২০১৯ -২০ কেন্দ্ৰীয় বাজেট খনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ হিতৰ বাবে বহুতো আচনিৰ বাবে বাজেট ধাৰ্য্য কৰিছে ।মুদ্ৰা, উজ্জ্বলা, সৌভাগ্য আদি আচনিৰ জৰিয়তে হাউচিং লোন দিয়া ব্যবস্থা কৰিছে যাৰ ফলত সাধাৰণ লোকৰ জীৱন সলনি হৈ পৰিব । প্ৰধান মন্ত্ৰী কৰম যোগী মন্ধন পেঞ্চন আঁচনিৰ অধিনত ক্ষুদ্ৰ ব্যৱসায় সকল লাভান্বিত হ’ব ।

২০১৯ -২০ বিত্তীয় বৰ্ষত ৰেল যোগাযোগ , আধুনিকীকৰণ আৰু বিমানবন্দৰৰ উন্নয়ন , জলপৰিবহন, টেলিকম আৰু শক্তিকে ধৰি বিভিন্ন দিশৰ উন্নয়নৰ বাবে যথেষ্ট প্ৰকল্প গ্ৰহণ কৰা হৈছে ।SARDP-NE আচনিৰ অধিনত ৬,৪১৮ কিলোমিটাৰ পথ মেৰামতি কৰাৰ লগতে ৫৭,৫১৮ কোটি ব্যয় সাপেক্ষে ৫,২৭৩ কিলোমিটাৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে । অনুমোদিত ৫,২৭৩ কিলোমিটাৰৰ ৩,০২৯ কিলোমিটাৰ ৩০,৩১৫ কোটি ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহুতো আন্তঃগাঁথনিৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে|

ৰে’লৱে খণ্ডত জিৰিবাম-ইম্ফল, ডিমাপুৰ-যুবজা, আগৰতলা-চাব্ৰম, তেতেলিয়া-বৰ্ণিহাত, বৰ্ণিহাত-চিলং, ভৈৰাবি-চাইৰঙ, মুৰকঙচেলেক-পাচিঘাট, আগৰতলা-আখওৰা আদি ৰেল পথৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

আনহাতে বিমানৰ ক্ষেত্ৰতো গুৱাহাটী, ইম্ফল, আগৰতলা, ডিব্ৰুগড়, ডিমাপুৰ আৰু তেজু বিমানবন্দৰ সমূহ আধুনিকীকৰণ আৰু উন্নয়নৰ কৰা হব । ইটানগৰৰ হলঙগিত সেউজ পথাৰ (Greenfield) বিমানবন্দৰ নিৰ্মাণৰ বাবে ৬৪৫.৬৩ অনুমোদন জনাইছে ।

উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় নৌসেনায়ে ১৯ টা জলপথ মুকলি কৰিছে । এই প্ৰজেক্টেৰ বাবে ২৭০.৫০ কোটি অনুমোদন জনোৱা হৈছে ।আনহাতে টেলিকম চেক্টৰত ৬৪৪.৫৫ কোটি ব্যয় সাপেক্ষে ১১,৯৫৬ গাঁও পঞ্চায়ত সংযোগ কৰিব ভাৰত নেট প্ৰকল্পৰ যোগেদি । ৫,৩৩৬.১৮ কোটি সাপেক্ষে ৮,৬২১ গাঁওত ৬,৬৭৩ মোবাইল টাৱাৰ, ৰাষ্ট্ৰীয় ঘাইপথত ৩২১ মোবাইল টাৱাৰ স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com