Begin typing your search above and press return to search.

বেংকৰ যোগেদি পৰোক্ষ্য ভাৱে ধন মুকলি কৰা হব: দিছপুৰ

বেংকৰ যোগেদি পৰোক্ষ্য ভাৱে ধন মুকলি কৰা  হব: দিছপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2019 10:36 AM GMT

বৰ্তমান ৰাজ্যত বান পৰিস্থিতি উন্নয়নত হৈছে । ৰাজ্যৰ বানত ক্ষতিগ্ৰস্থ ৩,৮০০ টা পৰিয়ালক সাহাৰ্য্য প্ৰদানৰ বাবে ধন মুকলি কৰি দিবলৈ জিলা উপায়ুক্ত আৰু উপ-বিষয়া সকলক ধন মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে ।

বানত বস্ত্ৰ লোকচান হোৱা সকলক ১,৮০০ টকা, লগতে ঘৰৰ সামগ্ৰী ধবংস হোৱা সকলক ২,০০০ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । সৰ্বস্বান্ত হেৰুৱা সকলক ৩,৮০০ দিবলৈ কৈছে ।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে জিলা উপায়ুক্ত আৰু এচ ডি অ সকলক ধন মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে, চৰকাৰে ৭৪.৫৪ কোটি মুকলি কৰি দিছে ।

প্ৰলয়ংকাৰী বানত ৯২ লোক মৃত্যু হৈছিল । ৭৩, ০৪, ৬৭৩ লোক ক্ষতিগ্ৰস্থ হৈছে বানত ।

তথ্য মতে , বানপানীৰ ফলত অসমৰ ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে । গ্ৰীষ্মকালিন বন্ধ শেষ হৈ ১ আগষ্টৰ পৰা বিদ্যালয় সমূহ আৰম্ভ হৈছে কিন্তু বিদ্যালয় সমূহত গঢ়ি তুলিব পৰা নাই শৈক্ষিক পৰিবেশ । চৌদিশে বানে বিধস্ত কৰা পৰিবেশ আন্তঃগাঁথনি সমূহো অতি শোচনীয় । ইয়াৰে লক্ষিমপুৰৰ ১৭৫ খন বিদ্যালয়, ডিব্ৰুগড়ৰ ২৮ খন আৰু আন আন প্ৰান্তৰ বিদ্যালয় সমূহ।

প্ৰলয়ংকাৰী বানে ৰাজ্যত বিভীষিকা সৃষ্টি কৰাৰ পিছত এতিয়া মহামাৰীকে ধৰি নানান সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত সকল। প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যত প্ৰায় ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে ।প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল ।

লক্ষিমপুৰত ১৭৫ খন শিক্ষা অনুষ্ঠানৰ ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত । বিভাগৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, ইয়াৰে ১৬৪ খন প্ৰাথমিক বিদ্যালয় আৰু ১১ খন হাই স্কুলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় । এই বিদ্যালয় সমূহৰ বৰ্তমান সময়ত শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে ।

প্ৰায় ১.৪ লাখ লোক ক্ষতিগ্ৰস্থ , প্ৰায় ৫,৫০,৩৬৮ বসতিপূৰ্ন ৩৯৭ খন গাঁও ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত ।বিভাগীয় তথ্যৰ মতে, ৩২,৩৭১ লোক, ৭,৫৭৫ শিশু বানৰ কবলত পৰে। সমগ্ৰ জিলাতে ৯৬ টা অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : বান বিধস্ত অসম: সংগীতৰ জৰিয়তে অসমক পুনৰ গঢ়িবলৈ আহ্বান সংগীত শিল্পীৰ

Next Story
চাকৰি